শদিয়া, 31 মাৰ্চ : সূত্ৰধাৰ নাট্যমঞ্চ আৰু অসম নাট্য সন্মিলন মাইথং শাখাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকি অসমীয়া সংস্কৃতি জীয়াইৰখাৰ ক্ষেত্ৰত সজাগ, সচেতন হবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷ লগতে বিদ্যালয় শিক্ষাৰ সমান্তৰালকৈ সাংস্কৃতিক, ক্ৰীড়া ইত্যাদি দিশতো ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত অভিভাৱক আগভাগ ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইপিনে স্থানীয় বিধায়ক বলিন চেতিয়া, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰক্ৰায়ী উপস্থিত থকা অনুষ্ঠানটোত ৰাজনৈতিক ভাষণৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী ৷ উল্লেখ্য যে, সাংস্কৃতিক ক্ষেত্ৰত 25 বছৰ অতিক্ৰম কৰা সূত্ৰধাৰ নাট্য মঞ্চৰ লগতে নাট্য সন্মিলন মাইথং শাখাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে ৷
সূত্ৰধাৰ নাট্যমঞ্চ আৰু নাট্য সন্মিলনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল - সামৰণি অনুষ্ঠান
সূত্ৰধাৰ নাট্যমঞ্চ আৰু অসম নাট্য সন্মিলন মাইথং শাখাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি অসমীয়া সংস্কৃতি জীয়াৰ ৰখাৰ ক্ষেত্ৰত সজাগ, সচেতন হবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰীৰ
![সূত্ৰধাৰ নাট্যমঞ্চ আৰু নাট্য সন্মিলনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2862960-649-60cb5689-aba5-4687-9c95-fc39b0949ef7.jpg?imwidth=3840)
শদিয়া, 31 মাৰ্চ : সূত্ৰধাৰ নাট্যমঞ্চ আৰু অসম নাট্য সন্মিলন মাইথং শাখাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকি অসমীয়া সংস্কৃতি জীয়াইৰখাৰ ক্ষেত্ৰত সজাগ, সচেতন হবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷ লগতে বিদ্যালয় শিক্ষাৰ সমান্তৰালকৈ সাংস্কৃতিক, ক্ৰীড়া ইত্যাদি দিশতো ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত অভিভাৱক আগভাগ ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইপিনে স্থানীয় বিধায়ক বলিন চেতিয়া, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰক্ৰায়ী উপস্থিত থকা অনুষ্ঠানটোত ৰাজনৈতিক ভাষণৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী ৷ উল্লেখ্য যে, সাংস্কৃতিক ক্ষেত্ৰত 25 বছৰ অতিক্ৰম কৰা সূত্ৰধাৰ নাট্য মঞ্চৰ লগতে নাট্য সন্মিলন মাইথং শাখাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে ৷
শদিয়া : সূত্ৰধাৰ নাট্যমঞ্চ আৰু অসম নাট্য সন্মিলন মাইথং শাখাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত হয়হি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ দিনৰ দুইবজাত শদিয়াৰ পৰা পোনে পোনে উপস্থিত হোৱা মুখ্যমন্ত্ৰী সোনোৱালে অনুষ্ঠানটোৰ মুকলি সভাত সকলোকে অসমীয়া সংস্কৃতি জীয়াৰ ৰখাৰ ক্ষেত্ৰত সজাগ, সচেতন হবলৈ আহ্বান জনায় ৷ বিভিন্ন সাংস্কৃতিক কাৰ্যসুচীৰে সাংস্কৃতিকময় পৰিবেশত ভাষণ প্ৰদান কৰা মুখ্যমন্ত্ৰী সোনোৱালে বিদ্যালয় শিক্ষাৰ লগতে সাংস্কৃতিক, ক্ৰীয়া ইত্যাদি দিশতো ছাত্ৰ ছাত্ৰী সকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত অভিভাৱকক আহ্বান জনায় ৷ স্থানীয় বিধায়ক বলিন চেতীয়া, সোনোৱাল স্বায়ত্ব শাষিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰক্ৰায়ী উপস্থিত থকা অনুষ্ঠানটোত কোনো ৰাজনৈতিক ভাষণৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী সোনোৱাল ৷ উল্লেখ্য যে সাংস্কৃতিক ক্ষেত্ৰত ২৫ বছৰ অতিক্ৰম কৰা সূত্ৰধাৰ নাট্য মঞ্চৰ লগতে নাট্য সন্মিলন মাইথং শাষাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট অৰিহণা যেগাই আহিছে ৷ বিশষকৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক বিদ্যাৱতী ফুকনৰ এনে প্ৰচেষ্টা আদৰণিয় ৷Body:NoConclusion:Mintu Talukdar