ETV Bharat / city

বিনোদ মৰাণৰ এনকাউন্টাৰৰ পাচতে উত্তাল কাকপথাৰ - তিনিচুকীয়াত এনকাউণ্টাৰত নিহত ড্ৰাগছ সৰবৰাহকাৰী

দেওবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ টঙনা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা ড্ৰাগছ সৰবৰাহকাৰী (Encounter in Tinsukia) বিনোদ মৰাণৰ মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি আৰক্ষী থানাৰ সন্মুখত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ লগতে একাংশ গাঁওবাসীয়ে (Protest with body in front of police station) ৷

Protest with body in front of police station in Tinsukia
সন্মুখত মৃতদেহ লৈ তিনিচুকীয়াত উত্তাল প্ৰতিবাদ পৰিয়ালৰ লগতে ৰাইজৰ
author img

By

Published : Oct 10, 2022, 8:57 PM IST

তিনিচুকীয়া, 9 অক্টোবৰ: দেওবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ টঙনা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় ড্ৰাগছ সৰবৰাহকাৰী বিনোদ মৰাণৰ (Encounter in Tinsukia) ৷ তেওঁৰ মৃত্যুকলৈ এতিয়াও উত্তেজনা বিৰাজ কৰিছে (Tense situation in Tinsukia) ৷

দেওবাৰে মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি নিশা বাৰ বজালৈ নিহত বিনোদ মৰাণৰ মৃতদেহ আৰক্ষী থানাৰ সন্মুখত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ লগতে একাংশ গাঁওবাসীয়ে ৷ লগতে পৰিয়ালৰ লোকে বিনোদ মৰাণ ড্ৰাগছৰ লগত জড়িত নহয় বুলি দাবী উত্থাপন কৰে (Protest with body in front of police station) ৷

সন্মুখত মৃতদেহ লৈ তিনিচুকীয়াত উত্তাল প্ৰতিবাদ পৰিয়ালৰ লগতে ৰাইজৰ

পৰৱৰ্তী সময়ত তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ লগতে নিশাই উপস্থিত হোৱা ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ চক্ৰ বিষয়াই (সংলগ্ন) শান্তিপূৰ্ণভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইতিমধ্যে তিনিচুকীয়া জিলা উপায়ুক্তই এই ঘটনাক লৈ তদন্ত ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বিগত 9 অক্টোবৰৰ লক্ষ্মী পূজাৰ দিনা কাকপথাৰ চেঙাপথাৰত তিনিচুকীয়া আৰক্ষীৰ সহযোগত টঙনা আৰক্ষীয়ে চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Drugs peddling in Tinsukia) ৷ অভিযানত আৰক্ষীৰ গুলীত নিহত হৈছিল কাকপথাৰ উবন গাঁৱৰ বিনোদ মৰাণ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো ।

লগতে পঢ়ক: তিনিচুকীয়াত এনকাউণ্টাৰত নিহত ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.