ETV Bharat / city

বাৰেকুৰিত বাঘজানৰ তৈলক্ষেত্ৰৰ অগ্নি নিৰ্বাপনৰ দাবীত প্ৰতিবাদ - Baghjan Protest

BGR-5 ৰ জুই নিৰ্বাপিত কৰাৰ দাবীত বাৰেকুৰি অঞ্চলত অনিৰ্দিষ্ট কাললৈ অইলৰ অৱৰোধ কাৰ্যসূচী গ্ৰহণৰ ঘোষণা পুৰণি মতাপুং গাঁওৰ ৰাইজৰ ৷

বাৰেকুৰিত বাঘজানৰ তৈলক্ষেত্ৰৰ অগ্নি নিৰ্বাপনৰ দাবীত প্ৰতিবাদ

author img

By

Published : Jul 25, 2020, 12:47 AM IST

তিনিচুকীয়া, 24 জুলাই : তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰৰ BGR-5 ৰ অগ্নিকাণ্ডই 57 টা দিন অতিক্ৰম কৰাৰ পিছতো জুই নিৰ্বাপিত কৰিব নোৱাৰাত উদ্বিগ্ন হৈ পৰিছে বাঘজানৰ উপকণ্ঠ অঞ্চলৰ গঞা ৰাইজ ।

বাঘজান তৈলক্ষেত্ৰৰ সমীপৱৰ্তী বাৰেকুৰি অঞ্চলটো ৰাইজে এতিয়া আশংকা, আশান্তিৰে দিন কটাবলগীয়া হৈছে । তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ কান তালমৰা শব্দ আৰু ভূ-কম্পনৰ বাবে বাৰেকুৰি অঞ্চলৰ জনসাধাৰণক শংকিত কৰি তোলাত অইলৰ বিৰুদ্ধে ক্ষুভিত হৈ শুকুৰবাৰে বাৰেকুৰি পুৰণি মতাপুং গাঁৱৰ ৰাইজে অইল ইণ্ডিয়াৰ বাৰেকুৰি OCS ৰ সন্মুখত অইল ইণ্ডিয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আনহাতে অতিশীঘ্ৰেই BGR-5 ৰ জুই নিৰ্বাপিত কৰাৰ দাবীত বাৰেকুৰি অঞ্চলত অনিৰ্দিষ্ট কাললৈ অইলৰ অৱৰোধ কাৰ্যসূচী গ্ৰহণৰ ঘোষণা কৰে পুৰণি মতাপুং গাঁওৰ ৰাইজৰ ।

অইলৰ সকলো কাম কাজ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা

উল্লেখ্য যে, বিগত 9 জুনত ভয়ংকৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছিল বাঘজান অঞ্চলত ৷ যোৱা 27 মে'ৰ পৰাই অহৰহ গেছ নিৰ্গত হৈ আছিল বাঘজানৰ BGR-5 নং তৈলখাদত ৷ যাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল তৈলখাদটোৰ নিকটৱৰ্তী লোকসকল ৷ সেই অগ্নিকাণ্ডত মৃত্যুক সাৱটি লৈছিল দুগৰাকীকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ৷

বাৰেকুৰিত বাঘজানৰ তৈলক্ষেত্ৰৰ অগ্নি নিৰ্বাপনৰ দাবীত প্ৰতিবাদ

প্ৰায় দুমাহ ধৰি অহৰহ জ্বলি থকা অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই থকা সময়তেই বুধবাৰে পুনৰ এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। বিদেশী বিশেষজ্ঞসহ এটা বৃহৎ দলে কাম কৰি থকা অৱস্থাত অইলৰ পাইপ বিস্ফোৰণ হৈ কেইবাজনো বিদেশী বিশেষজ্ঞ গুৰুতৰ ভাৱে আহত হ'ব লগা হয় । বিস্ফোৰণত আমেৰিকাৰ এন্হনী ষ্টেভেন ৰেনল্ড আৰু ডৰ্গছ ডৰ্লাছ, ছিংগাপুৰৰ ক্ৰেগনিল ডানকেন সহ চাৰিজন আঘাত প্ৰাপ্ত হৈছিল এই বিস্ফোৰণত ৷

লগতে চাওক-চিৰাঙৰ বানপীড়িত অঞ্চল পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.