ETV Bharat / city

ডুমডুমাত পথ দূৰ্ঘটনাত থিতাতে নিহত এজন লোক - ডুমডুমা

ডুমডুমাত শোকাবহ পথ দূৰ্ঘটনা । দুৰ্ঘটনাটোত থিতাতে নিহত এজন, আহত হয় আন এজন লোক ।

ডুমডুমাত পথ দূৰ্ঘটনাত থিতাতে নিহত এজন লোক

author img

By

Published : Oct 15, 2020, 10:58 AM IST

ডুমডুমা, 15 অক্টোবৰ : ডুমডুমাত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয় । দুুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হোৱাৰ উপৰি আন এজন লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ।

বুধবাৰে নিশা ডুমডুমাৰ হাপজানত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হ'য় । অৰুণাচলৰ চৌখামৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা AS-23X-9697 নম্বৰৰ এখন ALTO গাড়ীয়ে প্ৰথমে হাপজান কালি মন্দিৰৰ সমীপত এজন লোকক মহতিয়াই নিয়াৰ পিচত গাড়ীখনে পলায়ণৰ চেষ্টা কৰোঁতেই হাপজান আমতলিৰ আন এজন লোকক মহতিয়াই নিয়ে । দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে মহমদ দাউড বেপাৰী নামৰ এজন লোক থিতাতে নিহত হয় ।

ইফালে গুৰুতৰভাৱে আহত লোক জনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনা সংঘটিত কৰিয়েই পুণৰ গাড়ীখন পলায়ণৰ চেষ্টা কৰে যদিও লংচোৱাল মজদুৰ স্কুলৰ সন্মূখত স্থানীয় লোকে গাড়ীখন জব্দ কৰাৰ লগতে গাড়ী চালক জনক আটক কৰি ডুমডুমা আৰক্ষীক চমজাই দিয়ে । ALTO গাড়ীখনৰ চালকজন অত্যধিক সুৰাসক্ত অৱস্থাত থকাৰ বাবেই এই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি অভিযোগ কৰে স্থানীয় লোকে ।

লগতে পঢ়ক : কোনো কাৰণতে বহিৰাগত বণিক গোষ্ঠীক ভূমি এৰি দিয়া নহ’ব: সাংসদ অজিত ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.