তিনিচুকীয়া,7মাৰ্চ: শনিবাৰে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয় তিনিচুকীয়া মাকুমৰ পৰা বন বিভাগে উদ্ধাৰ কৰা 6 টা আপুৰুগীয়া বনৰীয়া ঘোঁৰা ৷ তিনিচুকীয়া আৰু ডিব্ৰু-ছৈখোৱা বন্যপ্ৰাণী সংৰক্ষণ বিভাগে মুকলি কৰি দিয়ে এই ঘোঁৰাকেইটা ৷
উল্লেখ্য যে, ২৮ ফেব্ৰুৱাৰীত তিনিচুকীয়াৰ মাকুম বাইপাছত উদ্ধাৰ কৰা হৈছিল 6 টা আপুৰুগীয়া বনৰীয়া ঘোঁৰা ৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ডাঙৰী লাউপাতি ফুলবাৰী অঞ্চলৰ পৰা বহিঃৰাজ্যলৈ লৈ যোৱাৰ সময়তে উদ্ধাৰ কৰা হৈছিল ঘোঁৰাকেইটাক ৷ এই চোৰাং ব্যৱসায়ী চক্ৰটোৰ লগত জড়িত চাৰিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ আৰক্ষীয়ে চাৰিওজন লোককে প্ৰেৰণ কৰে ৰঙা ঘৰলৈ ৷ আটকাধীন চোৰাং ব্যৱসায়ীকেইজন গুৱাহাটী আৰু বহিঃৰাজ্যৰ বুলি জানিব পৰা গৈছে ৷