মাৰ্ঘেৰিটা, 26 অক্টোবৰ: টিৰাপ নৈৰ ওপৰত লিডু সংযোগী 1নং কুঁহিয়াবাৰী দলং নিৰ্মাণ আৰু লিডু উদ্যোগিক শৈক্ষিক প্ৰতিষ্ঠান মুকলিৰ দাবীত শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পালন কৰা এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই ধৰ্মঘট কাৰ্যসূচীত লিডুত ২০১১ চনতে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতো আৰম্ভ নোহোৱাৰ বাবে গৰুৰ গোহালি হৈ পৰা উদ্যোগিক শৈক্ষিক প্ৰতিষ্ঠানটো মুকলি কৰি শিক্ষা আৰম্ভ কৰাৰ বাবে দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে ৷
স্থানীয় সাংসদ তথা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী তথা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ ওচৰত ভুক্তভোগী ৰাইজে টিৰাপ নৈৰ ওপৰত বৰুৱা গ্ৰান্ত ঘাটত এখন দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও এই দাবী অৰণ্যৰোদনত পৰিণত হৈছে। এই প্ৰতিবাদৰ পাচত কৰ্তৃপক্ষই কি ভূমিকা লয়,সেয়া লক্ষ্যণীয় হ'ব ৷
লগতে পঢ়কঃ কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চলত পুনৰ বন্যহস্তীৰ মৃত্যু