শদিয়া, ৪ মেঃ কাকপথাৰত নিশা সংঘটিত এক পথ দু্ৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক ৷ নিহত লোকজন কাকপথাৰ থানাৰ অন্তগত ওবনৰ ৰাহুল মৰাণ বুলি জানিব পৰা গৈছে। বিহু চাই উভতাৰ পথত নিশা প্ৰায় ১ বজাত অচিনাক্ত গাড়ীৰ খুন্দাত থিতাতে নিহত হয় যুৱকজন ৷
তেওঁৰ লগতে আন এজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ৷ অমায়িক যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে কাকপথাৰ অঞ্চলত ৷