তিনিচুকীয়া, 21 মাৰ্চ : তিনিচুকীয়াৰ জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ইনথেম নগাপথাৰত 3 কিলোগ্ৰাম ওজনৰ এটা আইইডি উদ্ধাৰ হোৱা ঘটনাই পেঙেৰীত সৃষ্টি কৰিছে চাঞ্চল্য৷ পেঙেৰীৰ ইমথেম নগাপথাৰৰ বিপুল বৰা নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হোৱা IED টো পিছত নিষ্ক্ৰিয় কৰা হয় ৷
ইতিমধ্যে বিপুল বৰাক সেনাই আটক কৰি আইইডিটোৰ সন্দৰ্ভত সোধ-পোচ অব্যাহত ৰাখিছে । ইপিনে দিনজান সেনা শিৱিৰ পৰা সেনাৰ এটা বোমা বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ হোৱা IED টো পৰীক্ষা কৰিছে৷
শেহতীয়াকৈ আলফা স্বাধীনত অঞ্চলটোৰ একাংশ যুৱ প্ৰজন্মই যোগদান অব্যাহত ৰখাৰ সময়তে এই বৃহৎ ওজনৰ IED উদ্ধাৰ হোৱা বিষয়টোৱে চাঞ্চল্যটোত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷