তিনিচুকীয়া, 13 জুলাই : নাৰীদেহ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে এইবাৰ অভিযান তিনিচুকীয়া আৰক্ষীৰ(Sex racket in Tinsukia) ৷ নাৰীৰ লগতে যুৱতীৰ দেহ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে ডিগবৈৰ গোলাইস্থিত TOURIST LODGE ৷ পৰ্যটকৰ বাবে থকাৰ সুবিধাৰ অৰ্থে বহু বছৰৰ পূৰ্বে চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত লাইচেন্সেৰে লিজত লৈ বহু বছৰ বছৰ ধৰি ডিগবৈৰ ব্যৱসায়ী পংকজ বৰুৱাৰ মালিকাধীন উক্ত ল'জটোত দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰান্তৰ পৰা নাৰীৰ লগতে যুৱতীসকলৰ দেহ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।
তেনে সময়তে তিনিচুকীয়াৰ আৰক্ষী বিষয়া পৰাগ বৰগোঁহাইৰ নেতৃত্বত মঙলবাৰে নিশা অভিযান চলাই ডিগবৈ টুৰিষ্ট ল'জৰ পৰা 6 গৰাকী যুৱতীৰ সৈতে 5 জন যুৱকক আটক কৰে । আটকাধীন যুৱককেইজন হৈছে ক্ৰমে আদিব আনচাৰী (২৪) , আৰিফ শ্বাহ,(২০), অমচৰ আলী( ২০), জালাউদ্দিন তালুকদাৰ (৪০) আৰু বিজয় শংকৰ আগৰৱালা( ৪৪) । ইফালে ল'জটোৰ কৰ্মচাৰী সোমনাথ উপাধ্যায়কো(২৭) আটক কৰি বৰ্তমান সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে(Five Persons arrested in connection with women trafficking) ।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিশা ২ বজাত ল'জটোত চলিছিল অভিযান । ল'জটোত মেনেজাৰ হৰি শৰ্মা আৰু এগৰাকী মহিলাই এই যুৱতীসকলক যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযানত TOURIST LODGE টোৰ 12 আৰু 13 নম্বৰ কোঠাৰ পৰা বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে । ডিগবৈৰ পংকজ বৰুৱা মালিকানাধীন ল'জটোত প্ৰায় দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইফালে, ডিগবৈ আৰক্ষী থানাত আটকাধীন যুৱক-যুৱতীসকলক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : Sex racket in Nagaon: নগাঁৱৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ কণ্ডমৰ ভাণ্ডাৰ