তিনিচুকীয়া, 13 মার্চ : চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চাহ মজদূৰ সংঘৰ পানীতোলা শাখা সংঘৰ সম্পাদক ৰাজু চাহুয়ে তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে তিনিচুকীয়াত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি চাহ মজদুৰ সংঘৰ সম্পাদক গৰাকীয়ে কয় যে, দুদিনৰ পূৰ্বে তেওঁ চাবুৱাৰ এখন চাহ বাগিচাৰ সভালৈ গৈছিল ৷ উক্ত সভাতেই কেইবাঘণ্টা ধৰি একাংশ চাহ শ্ৰমিকে বোনাছৰ টকা আত্মসাৎ কৰাৰ অভিযোগ তুলি চাহুক আবদ্ধ কৰি চাহ মজদুৰ সংঘৰ সম্পাদক পদৰ পৰা বলপূৰ্বকভাৱে পদত্যাগ কৰাইছিল ৷
ৰাজু চাহুৰ অভিযোগ অনুসৰি,চাহ জনজাতি ছাত্ৰ সন্থাৰ নামত কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰমূলক ভাৱে তেখেতক আবদ্ধ কৰাই পদত্যাগ কৰোৱাইছে ৷ ইয়াৰ জৰিয়তে চাহ মজদুৰ সংঘৰ সম্পাদক পদটো দখল কৰাৰ পৰিকল্পনাৰে দুষ্ট চক্ৰই এনে নিকৃষ্ট কাম কৰা বুলি মন্তব্য কৰি সমগ্ৰ বিষয়টোৰ ওপৰত সঠিক তদন্ত দাবী কৰিছে ৰাজু চাহুৱে ৷ লগতে দোষীক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰা বুলিও সাংবাদিকক জানিবলৈ দিয়ে তেওঁ ৷
আৰু পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম প্ৰকাশন পৰিষদৰ নতুন সমিতি