শদিয়া, 13 জুলাই : বুধবাৰে তিনিচুকীয়াৰ ডুমডুমাত উদ্ধোধন কৰা হয় ডুমডুমা আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱন ৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত(DGP Bhaskar Jyoti Mahanta in Tinsukia) ৷ অনুষ্ঠানটোত উপস্থিত থাকি নৱ-নিৰ্মিত ভৱনটোৰ উদ্বোধন কৰে DGP ভাস্কৰজ্যোতি মহন্তই(DGP inaugurated new police station of doomdooma) ৷
উদ্বোধনী সভাত সভাপতিত্ব কৰে বিশিষ্ট সাংবাদিক, সমাজকৰ্মী তথা তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই । জাতীয় সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ আঁত ধৰে ডুমডুমাৰ জেষ্ঠ সাংবাদিক অভিজিত খাটনিয়াৰে । অনুষ্ঠানত অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক জিৎমল দলে আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, ডুমডুমা ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া, ACS ৰনন্ময় ভৰদ্বাজ উপস্থিত থাকে ৷
ডুমডুমা অঞ্চলৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগতে ডুমডুমা প্ৰেছ ক্লাৱৰ দ্বাৰা DGP ভাস্কৰ জ্যোতি মহন্তক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । শেষত ডুমডুমা আৰক্ষী থানাৰ প্ৰভাৰী দিব্যজ্যোতি দত্তৰ শ'লাগৰ শৰাইৰ পাছতেই ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷
লগতে পঢ়ক : Teacher Appointment : বিশেষভাৱে সক্ষম ২৮০ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান