ETV Bharat / city

চিআৰপিএফৰ দ্বাৰা তিনিচুকীয়াত মাস্ক বিতৰণ

চিআৰপিএফৰ 68 বেটালিয়নৰ দ্বাৰা তিনিচুকীয়াৰ বহু স্থানত আজি মাস্ক বিতৰণ কৰা হয় ৷

চিআৰপিএফৰ দ্বাৰা তিনিচুকীয়াত মাস্ক বিতৰণ
চিআৰপিএফৰ দ্বাৰা তিনিচুকীয়াত মাস্ক বিতৰণ
author img

By

Published : May 16, 2020, 4:00 PM IST

তিনিচুকীয়া, 16 মে’: সমগ্ৰ বিশ্বতেই ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ পৰা বিশ্ববাসীয়ে বহু দুখ কষ্ট ভুগিবলগীয়া হৈছে । এনে সময়তে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত মাস্ক বিতৰণ কৰে ৷ বাহিনীটোৰ 68 বেটালিয়নৰ ছেকেণ্ড ইন কামাণ্ড, কামাণ্ডেন্ট ইনচাৰ্জ মহম্মদ তাৰিক চিটিয়ে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে ৷

চিআৰপিএফে তিনিচুকীয়াৰ ককৰাতলী, জৰিগুৰি আৰু হেঙালগুৰি অঞ্চলত দুখীয়া আৰু অসহায় লোকসকলক কোভিড-19ৰ পৰা ৰক্ষা পাবৰ বাবে স্বচ্ছতা সামগ্ৰী বিতৰণ কৰে । এই সমাৰোহত ককৰাতলী গাঁৱৰ প্ৰধান ব্যক্তিসকলকে ধৰি গাওঁবুঢ়া তথা ৱাৰ্ড মেম্বাৰ আদি উপস্থিত থাকে । সামাজিক দুৰত্ব বৰ্তাই ৰাখি, এই কাৰ্যসূচী পালন কৰা হয় বুলি ছেকেণ্ড-ইন-কামাণ্ড গৰাকীয়ে জানিবলৈ দিয়ে ৷

চিআৰপিএফৰ দ্বাৰা তিনিচুকীয়াত মাস্ক বিতৰণ

এই কাৰ্যসূচীত বাহিনীটোৰ দীনেশ পাল সিং (উপ কমাণ্ডেণ্ট), ডঃ নৱনিতা ৰায় (জেষ্ঠ চিকিৎসা অধিকাৰী), পুস্কাৰ সিং বদবাল (সহায়ক কমাণ্ডেণ্ট) আৰু সাংবাদিকসকল উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.