ETV Bharat / city

কাকপথাৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ - প্ৰমাণপত্ৰ

কাকপথাৰত জাতিগত প্ৰমাণপত্ৰ দিয়াৰ নামত প্ৰধান শিক্ষকে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ স্থানীয় লোকৰ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত শিক্ষক জনৰ বিৰুদ্ধে ৰুজু কৰে এটা গোচৰ ৷

Case File By Public Against Head Teacher in kakopather
কাকপথাৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কিয় ?
author img

By

Published : Aug 11, 2020, 6:43 PM IST

শদিয়া, 11 আগষ্টঃ শিক্ষকৰ দৰে এটা মহান বৃত্তিক কলংকিত কৰি কাকপথাৰৰ এজন শিক্ষকে জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ নামত বহু লোকৰ ধন আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

কাকপথাৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কিয় ?

উল্লেখ্য যে, ১নং চেলেংগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্যামল কন্দই অনুসুচীত জাতিৰ প্ৰমাণ পত্ৰ উলিয়াই দিয়াৰ নামত বহু লোকৰ পৰা ৩০০০ টকাৰ পৰা ৪৫০০ টকা পৰ্যন্ত ধন লোৱাৰ অভিযোগ তুলিছে একাংশ লোকে ৷ কিন্তু ৰহস্যজনক ভাবে আজি চাৰি, পাঁচটা বছৰ উকলি যোৱাৰ পাছতো শিক্ষক জনে কোনো ধৰণৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা নাই ৷ ইফালে প্ৰমাণ পত্ৰ উলিয়াই দিয়াৰ নামত লোৱা ধন সমুহো ঘূৰাই নিদিয়া বুলি অভিযোগ কৰিছে ভূক্তভোগী লোক সকলে ৷

জানিব পৰা মতে, এগৰাকী মহিলাই উক্ত বিষয়টোৰ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে বুলি জানিবলৈ দিছে ৷ এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে, শিক্ষকৰ দৰে এটা মহান বৃত্তিত কৰ্মৰত থকাৰ পাছতো এইদৰে প্ৰমাণ পত্ৰ উলিয়াই দিয়াৰ নামত ধন সংগ্ৰহ কৰাটো কিমানদূৰ যুক্তি সংগত কথা তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে একাংশ সচেতন মহলত ৷ এনে শিক্ষকৰ ওপৰতৰ শিক্ষা বিভাগ নাইবা চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব উল্লেখনীয় ৷

লগতে পঢ়ক-শিলাদিত্য দেৱ এজন পাগলৰ লগতে ছাগলী : প্ৰতিবাদকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.