ETV Bharat / city

EIA-2020 খচৰা বাতিলৰ দাবীত ডুমডুমাত আছুৰ অৱস্থান ধৰ্মঘট - নাগৰিকত্ব সংশোধনী আইন

নাগৰিকত্ব সংশোধনী আইন আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন উদ্য়োগ নীতি বাতিলৰ দাবীত তিনিচুকীয়া জিলা আছুৰ নেতৃত্বত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA-2020 খচৰা বাতিল কৰিবলৈ দাবী জনাই।

ASSU PROTEST AGAINST CAA, EIA-2020 AT DUMDUMA
খচৰা বাতিলৰ দাবীত ডুমডুমাত আছুৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Aug 10, 2020, 6:48 PM IST

ডুমডুমা, 10 আগষ্টঃ ৰাজ্যত পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ সোমবাৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা অঞ্চলৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন উদ্যোগ নীতিৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মকৰ্তা সকলে ৷

খচৰা বাতিলৰ দাবীত ডুমডুমাত আছুৰ অৱস্থান ধৰ্মঘট

ঠিক একেদৰে সোমবাৰে মৰিগাঁৱতো সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰদৰ্শন কৰা হৈছে মানৱ শৃংখল ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন উদ্যোগ নীতিৰ বিৰোধিতাৰে এই প্ৰতিবাদী মানৱ শৃংখল প্ৰদৰ্শন কৰে মৰিগাঁও জিলা আছুৰ কৰ্মকৰ্তাসকলে ৷ ইফালে ছাত্ৰ সন্থাৰ প্ৰতিবাদত মুখৰিত হয় মৰিগাঁৱৰ চহৰৰ পৰিৱেশ । আহ ঐ আহ ওলাই আহ , " কা " আমি নামানো, নৰেন্দ্ৰ মোদী হায়-হায়, সৰ্বানন্দ সোণোৱাল হায়-হায় আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । তাৰোপৰি প্ৰতিবাদী ছাত্ৰ- ছাত্ৰী সকলে ডবা, নাগাৰা ,তাল বজাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে যদি 'কা' বাতিল নকৰে তেনেহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- তিনিচুকীয়াৰ সাংবাদিক হত্যাকাৰী কোন এই মহিলা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.