ডুমডুমা,1 আগষ্টঃ বছৰ -বছৰ ধৰি কোনো এখন চৰকাৰে আদিবাসী লোক সকলৰ সমস্যা সমূহ সমাধানৰ বাবে কোনো ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰে আদিবাসী লোক সকল ৷ দীৰ্ঘ দিন ধৰি আদিবাসী লোক সকলৰ সমস্যাবোৰ সমাধান কৰিবলৈ আহ্বান জনাই অহাৰ পিছতো কোনো চৰকাৰেই গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে আদিবাসী ছাত্ৰ সংগঠনটোৰ সদস্য সকলে ৷
উক্ত ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত মঙলবাৰে তিনিচুকীয়াৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত একঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । আদিবাসী সকলক জনজাতিকৰণ প্ৰদান কৰা, চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিক সকলৰ আবাস গৃহ সমূহৰ মাটিৰ পাট্টা প্ৰদান কৰাৰ দাবীত এই কাৰ্যসূচী পালন কৰে । অতি শীঘ্ৰেই সংগঠনটোৰ এই দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান দিয়ে ।