তিনিচুকীয়া,7 ডিচেম্বৰ : সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নিৰেণ শইকীয়াক যোৱা ৬ নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰাতুল গগৈয়ে মিছা কথাৰে সংগঠনৰ পৰা বহিস্কাৰ কৰা বুলি সামাজিক মাধ্যমত বিভিন্ন অপপ্ৰচাৰৰ চলাইছিল । যাৰ বাবে সোমবাৰে তিনিচুকীয়াৰ হোটেল প্ৰমোদত সদৌ অসম মটক ছাত্ৰ সন্থাই এখনি সংবাদ মেল আয়োজন কৰি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাতুল গগৈক । লগতে এনে ঘৃণনীয় আৰু নিন্দনীয় কাৰ্য কৰাৰ বাবে ৰাতুল গগৈক সদৌ অসম মটক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কৃত কৰাৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও বহিস্কৃত কৰে ।
কাৰ্যকৰী সভাপতি ৰাতুল গগৈক মটক ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ - মটক ছাত্ৰ সন্থা
সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতিৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া সদৌ অসম মটক ছাত্ৰ সন্থাৰ ৷ সভাপতিৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগত মটক ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি ৰাতুল গগৈক সন্থাৰ পৰা বহিষ্কাৰ কৰে ৷
![কাৰ্যকৰী সভাপতি ৰাতুল গগৈক মটক ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ A_tsk_7dec_01to04_ Motok student union_press_meet_vis_AS10027](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9797232-thumbnail-3x2-t.jpg?imwidth=3840)