ETV Bharat / city

যৌতুক বিচাৰি পত্নীক অত্যাচাৰ : ৰঙাঘৰত স্বামী

author img

By

Published : Oct 9, 2020, 3:45 PM IST

বোকাখাতত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ দৰে অমানৱীয় ঘটনা ৷ দীৰ্ঘদিনে বোকাখাটৰ স্বামী পৰিয়ালৰ অত্যাচাৰৰ বলি হ'বলগীয়া হৈছে তেজপুৰৰ পৰা বিবাহ পাশত আৱদ্ধ হোৱা এগৰাকী বোৱাৰীয়ে ৷

লক আপত স্বামী
বোকাখাটত বোৱাৰী নিৰ্যাতনৰ ঘটনা

তেজপুৰ, 9 অক্টোবৰ : এইবাৰ বোকাখাতত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ দৰে অমানৱীয় ঘটনা ৷ দীৰ্ঘদিনে বোকাখাটৰ স্বামী পৰিয়ালৰ অত্যাচাৰৰ বলি হ'বলগীয়া হৈছে তেজপুৰৰ পৰা বিবাহ পাশত আৱদ্ধ হোৱা এগৰাকী বোৱাৰীয়ে ৷ দীৰ্ঘদিনীয়া শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ পাছত অৱশেষত তেজপুৰস্থিত নিজ পিতৃ-মাতৃৰ বাসগৃহলৈ উভতি আহিব লগীয়া হৈছে বোৱাৰী গৰাকীয়ে ৷ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত যোৱা 2 অক্টোবৰত তেজপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল বোৱাৰী গৰাকীয়ে ৷ যাৰ পৰিপেক্ষিতত তেজপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ 498(A)/323/307/406/506/34 ধাৰাৰ অধীনত 1815/20 নম্বৰ গোচৰ ৰুজু কৰি অভিযুক্ত জ্যোতিপ্ৰসাদ নিম’ডিয়াক বোকাখাতৰ নিজগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৷

বোকাখাটত বোৱাৰী নিৰ্যাতনৰ ঘটনা

ঘটনাৰ বিৱৰণী অনুসৰি, 2019 চনৰ জানুৱাৰীত তেজপুৰৰ সন্তোষ আগৰৱালা আৰু কুসুম আগৰৱালাৰ এগৰাকী কন্যা, বোকাখাত বিহুৰাৰ ব্যৱসায়ী জ্যোতিপ্ৰসাদ নিম’ডিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু বিবাহৰ কিছুদিনৰ পাছৰে পৰা জ্যোতি প্ৰসাদে বিভিন্ন সময়ত যৌতুক বিচাৰি পত্নীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বোৱাৰী গৰাকীয়ে জনোৱা অনুসৰি, প্ৰথমে তেখেতৰ পিতৃৰ পৰা 15 লাখ টকা দাবী কৰি লৈছিল অভিযুক্ত স্বামী জ্যোতিপ্ৰসাদ নিম’ডিয়াই ৷ তাৰ ছমাহৰ পিছতেই 10 লাখ টকা দাবী কৰে জ্যোতিপ্ৰসাদৰ লগতে তেওঁৰ পিতৃ ভৱানী শংকৰ নিম’ডিয়া আৰু মাতৃ সবিতা নিম’ডিয়াই ৷

বোকাখাটত বোৱাৰী নিৰ্যাতনৰ ঘটনা

সেই 10 লাখ দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই বোৱাৰীৰ ওপৰত চলাইছিল অমানুষিক শাৰীৰিক নিৰ্যাতন ৷ ইয়াতে ক্ষান্ত নাথাকি বোৱাৰী গৰাকীক প্ৰাণে মৰাৰ চেষ্টাও কৰিছিল ৷ আনকি দুবাৰকৈ হেঁচা দি চুইচাইড নোট লিখাইছিল স্বামী জ্যোতিপ্ৰসাদে ৷ বোৱাৰী গৰাকীৰ বিবাহৰ সময়ত যৌতুকত দিয়া প্ৰায় ত্ৰিশলক্ষাধিক টকাৰ সোণৰ অলংকাৰো স্বামীৰ পৰিয়ালে ৰাখি থয় ৷ আনকি বিবাহ বাৰ্ষিকীৰ দিনা এইগৰাকী বোৱাৰীৰ পিতৃ মাতৃকো নানা বাক্যৰে গালিগালাজ কৰে স্বামীৰ পৰিয়ালে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এতিয়া ন্যায়ৰ অপেক্ষাত এইগৰাকী নিৰ্যাতিত মহিলা ৷ ব্যৱসায়ী স্বামী আৱদ্ধ থানাৰ লকআপত ৷

লগতে পঢ়ক : গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে কঠোৰ ধুবুৰী আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.