তেজপুৰ, ১৬ মাৰ্চঃবদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলটোৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ ৷ যিহেতু পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ গঠন কৰিবলৈ একগোট হৈছিল AIUDF সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপি ৰ লগত জড়িত হৈ নিৰ্বাচন খেলিব নেকি বুলি AIUDF ক কটাক্ষ বিজেপি সাংসদ গৰাকীৰ ৷
লগতে AIUDF এ যদি এতিয়া কংগ্ৰেছৰ লগত বিশ্বাসঘাতকতা কৰি বিজেপিৰ লগত মিত্ৰতা কৰিব বিচাৰিছে সেইটো অতি ভাল কথা কাৰণ বিজেপি ধৰ্মনিৰপেক্ষ, সকলোৰে লগত মিলি-জুলি থাকিব পাৰে বুলিও প্ৰকাশ কৰে সাংসদ ৰাম প্ৰসাদ শৰ্মাই ।