ETV Bharat / city

শোণিতপুৰত স্বাধীনতা দিৱসত 37 গৰাকী কাৰাবন্দীক মুকলিৰ নিৰ্দেশ

author img

By

Published : Aug 15, 2022, 11:19 AM IST

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে কাৰাবন্দী হৈ থকা একাংশ কাৰাবন্দীক মুকলিৰ বাবে সিদ্ধান্ত লৈছিল চৰকাৰে (Assam Govt orders to release category poisoner from jail) ৷ তাৰেই অংশ হিচাপে শোণিতপুৰ জিলাৰ মুখ্য ন্যায়াধীশে ৩৭ জন কাৰাবন্দীক কাৰাগাৰৰ পৰা মুকলিৰ নিৰ্দেশ দিয়ে ৷

Assam Govt orders to release category poisoner from jail
শোণিতপুৰত স্বাধীনতা দিৱসত 37 গৰাকী কাৰাবন্দীক মুকলিৰ নিৰ্দেশ

তেজপুৰ, 15 আগষ্ট: স্বাধীনতা দিৱসৰ দিনটোত শোণিতপুৰ জিলা ন্যায়াধীশে ৩৭ জন কাৰাবন্দীক কাৰাগাৰৰ পৰা মুকলিৰ নিৰ্দেশ দিয়ে ৷ জিলা ন্যায়ধীশ চত্ত ভূশন গগৈয়ে এই কথা জানিবলৈ দিয়ে ৷ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে কাৰাবন্দী হৈ থকা একাংশ কাৰাবন্দীক মুকলিৰ বাবে সিদ্ধান্ত লৈছিল চৰকাৰে (Assam Govt orders to release category prisoners from jail) ৷ তাৰেই অংশ হিচাপে শোণিতপুৰ জিলাৰ মুখ্য ন্যায়াধীশে এই নিৰ্দেশ প্ৰদান কৰে ৷

উল্লেখ্য যে, অসম চৰকাৰে কেইটামান নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি অসমৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা একাংশ লোকক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে ৷ মহিলা আৰু তৃতীয় লিংগৰ যিসকল 60 বছৰৰ উৰ্ধৰ কাৰাবন্দীৰ 50 শতাংশ কাৰাবাসৰ সময় অতিক্ৰম হৈছে, তেওঁলোকৰ একাংশকক মুকলি কৰি দিব ৷ একেদৰে 70 শতাংশ বিশেষভাৱে সক্ষম কাৰাবন্দীৰো 50 শতাংশ সময় অতিবাহী সকলৰ একাংশক মুকলি কৰি দিয়া হ’ব (Assam Home department order on prisoner)৷

ঠিক সেইদৰে, বাকীসকল কাৰাবন্দীৰ ভিতৰত যিসকলে 66 শতাংশ কাল কাৰাবাস খাতিলে, তেওঁলোকৰো একাংশক মুকলি কৰি দিয়া হ’ব ৷

তাৎপৰ্যপূৰ্ণভাৱে মৃত্যুদণ্ড, আজীৱন কাৰাদণ্ড, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে আইনৰ অধীনত কাৰাবন্দী হৈ থকাসকলৰ ক্ষেত্ৰত অৱশ্যে এই পদক্ষেপ প্ৰযোজ্য নহ’ব ৷ যৌতুকজনিত কাৰণত মৃত্যু হোৱা, মুদ্ৰাৰ নোট জাল কৰা, ধৰ্ষণ, মানৱ সৰবৰাহ আৰু আন শিশু জনিত অপৰাধ সংঘটিত কৰা, ধন সৰবৰাহৰ অপৰাধত দোষী সাব্যস্ত হোৱা, দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত, মাদক দ্ৰব্যৰ অধীনত দোষী সাব্যস্ত হোৱা কয়দীৰ বাবেও শাস্তি ক্ষমা কৰা নহয় ।

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰদান কৰা তথ্য অনুসৰি নিৰ্দিষ্ট শ্ৰেণীত কোনো মহিলা আৰু তৃতীয় লিংগ কাৰাবন্দী নাই ৷ আনহাতে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ পাঁচজন পুৰুষ কয়দীৰ শাস্তিৰ কমেও ৬৫% সম্পূৰ্ণ হৈছে । অসমৰ কাৰাগাৰসমূহত ১২ জন কাৰাবন্দী আছে যিয়ে তেওঁলোকৰ শাস্তিৰ সময়সীমাৰ ৬৬% সম্পূৰ্ণ কৰিছে ৷ সৰ্বাধিক ৯০.৬% সময় কাৰাগাৰত অতিবাহিত কৰিছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ছিলবানুশ গৰীয়াই ।

লগতে পঢ়ক : স্বাধীনতাৰ 75 বছৰীয়া মূল্যায়নৰ সময় আহিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.