ETV Bharat / city

Kaliabhomora bridge : কলীয়াভোমোৰা দলঙৰ কাৰিকৰী পৰ্যবেক্ষণৰ বাবে আলোচনা - Kaliabhomora bridge Tezpur

তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজলৈ ৰঙালী বিহুৰ উপহাৰ হিচাপে প্ৰদান কৰা কলিয়াভোমোৰা দলঙত নিশা নজ্বলে বিজুলী বাতি ৷ ফলত চলিত বৰ্ষত অধিক দুৰ্ঘটনা সংঘটিত হৈছে এই কলীয়াভোমোৰা দলংখনত(Accident in Kaliabhomora Bridge) ৷ সেয়ে কলীয়াভোমোৰা দলঙৰ কাৰিকৰী পৰ্যবেক্ষণৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ কাৰিকৰী বিভাগক আহ্বান তেজপুৰৰ আৰক্ষী অধীক্ষকৰ ৷

tezpur-sp-discuss-with-engineering-department-of-tezpur-central-university-to-reduce-accidents-on-kaliabhomora-bridge
কলীয়াভোমোৰা দলঙৰ কাৰিকৰী পৰ্যবেক্ষণৰ বাবে আলোচনা
author img

By

Published : Dec 19, 2021, 3:42 PM IST

তেজপুৰ, 19 ডিচেম্বৰ : ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কলীয়াভোমোৰা দলঙত বিগত অক্টোবৰ মাহত দুটাকৈ বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছিল (Accident in Kaliabhomora Bridge) ৷ লগতে দুজনকৈ চালক হেণ্ডিমেনৰ নোখোজ হৈছিল দুৰ্ঘটনাত ৷ এই চালক হেণ্ডিমেন দুজনৰ এজনৰ শুং সূত্ৰ আজিও লাভ কৰিবলৈ সক্ষম হোৱা নাই । ফলত এই দলংখনৰ কাৰিকৰী দিশটোৰ লগতে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ(Remedial mesure to reduce accidents on Kaliabhomora bridge) পৰীক্ষা কৰিবলৈ শোণিতপুৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱাতকে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইঞ্জিনীয়াৰিং বিভাগৰ লগত এক আলোচনাত মিলিত হয় ৷

tezpur-sp-discuss-with-engineering-department-of-tezpur-central-university-to-reduce-accidents-on-kaliabhomora-bridge
কলীয়াভোমোৰা দলঙৰ কাৰিকৰী পৰ্যবেক্ষণৰ বাবে আলোচনা

উল্লেখ্য যে, অসমত ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত থকা তৃতীয় খন দলং হৈছে শোণিতপুৰ আৰু নগাঁওৰ মাজত অৱস্থিত কলিয়াভোমোৰা ৷ এই দলংখন 1987 চনৰ 14 এপ্ৰিলত তেতিয়াৰ তদানীন্তন ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে উত্তৰ পাৰৰ ৰাইজলৈ ৰঙালী বিহুৰ উপহাৰ হিচাপে প্ৰদান কৰিছিল ।

সম্প্ৰতি আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি চলিত বৰ্ষত তেজপুৰত নৱেম্বৰ মাহলৈ মুঠ 171 টা সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই দুৰ্ঘটনাত 47 জন লোকৰ মৃত্যু ঘটিছিল ৷ লগতে চলিত বৰ্ষত কলীয়াভোমোৰা দলঙত তিনিটা কৈ ভয়ানক দুৰ্ঘটনা সংঘটিত হয় ৷ ইয়াৰোপৰি কলিয়াভোমোৰা দলঙত বৰ্তমানলৈকে মুঠ 9 টা দুৰ্ঘটনা সংঘটিত হৈছে বুলি আৰক্ষীয়ে জানিব দিয়ে ৷

জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত মুঠ পাঁচখন দলং শৰাইঘাট, পঞ্চৰত্ন, ভোমোৰাগুৰি, বগীবিল আৰু ঢলা শদিয়া ৷ বাকীকেইখন দলঙৰ তুলনাত কলীয়াভোমোৰা দলঙত অতি বেছি দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে ।

শেহতীয়াকৈ প্ৰায় 3.015 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখনত বিগত 7 বছৰ ধৰি পি ডব্লিউ ডি ৰোডছ বিভাগে বিল পৰিশোধ নকৰাৰ ফলস্বৰূপে দলংখনৰ ওপৰত ব্যৱহাৰ কৰা বৈদ্যুতিক পোহৰ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে ৷ আনহাতে কিছুদিন পূৰ্বে বিদ্যুৎ বিভাগক পূৰ্বৰ বকেয়া ধন পৰিশোধ কৰা বুলি জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে ৷

উল্লেখযোগ্য যে, অসমৰ প্ৰায়ভাগ মন্ত্ৰী-বিধায়ক এই দলঙখনৰ ওপৰেৰে প্ৰায়ে পাৰ হয় ৷ ইয়াৰ পিছতো বিগত সময়চোৱাত ৰাজ্যৰ বিধানসভা বা মন্ত্ৰীসভাৰ কেবিনেটত এই দলংখনৰ বিষয়ে চৰ্চা হোৱা বা বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰা পৰিলক্ষিত নহ'ল ৷ আনকি দলংখনৰ এনেকুৱা অৱস্থাৰ বিষয়ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ বিভাগেও সম্পূৰ্ণৰূপে নিমাত হৈ পৰিছে ৷

লগতে পঢ়ক : Goa Liberation Day : প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব গোৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.