তেজপুৰ, 25 জুলাই : তেজপুৰ কলিবাৰীৰ ভাস্কৰ্য শিল্পী জয়চন্দ্ৰ দাস আৰু নাই ৷ দেওবাৰে পুৱা তেজপুৰ কলিবাৰীস্থিত নিজা বাসগৃহত গা-ধুবলৈ গৈ পিছলি পৰে শিল্পীগৰাকী ৷ ততালিকে তেওঁক তেজপুৰ ব্যাপ্টিষ্ট খ্ৰীষ্টান হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ অৱশেষত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ।
১৯৫৩ চনত তেজপুৰ কলিবাৰীত জন্ম গ্ৰহণ কৰিছিল জয়চন্দ্ৰ দাসে ৷ তেখেতে প্ৰখ্যাত ভাস্কৰ্য শিল্পী লম্বোদৰ বৰাৰ পৰা ভাস্কৰ্য বিদ্যা গ্ৰহণ কৰিছিল ৷ ভাস্কৰ্য শিল্পী লম্বোদৰ বৰা আৰু জয়চন্দ্ৰ দায়ে অৰ্থাৎ গুৰু শিষ্য দুয়ো একেলগে মিলি নিৰ্মাণ কৰিছিল তেজপুৰ ঐতিহাসিক ট্ৰিবেণী চিনেমা হলৰ (Tribeni Cinema Hall) সন্মুখৰ কাৰুকার্য ৷ যি বছৰ বছৰ ধৰি তেজপুৰ চহৰত চিনাকি দি আহিছে ।
নটসূৰ্য ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত নিৰ্মাণ কৰাৰ উপৰিও বহুতো নামঘৰৰ মূৰ্তি নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী জয়চন্দ্ৰ দাসে । লগতে চৰকাৰীভাবেও বহু কামৰো দায়িত্ব লাভ কৰিছিল শিল্পীগৰাকীয়ে ৷
তেজপুৰৰ ঐতিহাসিক অগ্নিগড়, ঔগুৰি, সাহিত্য সভা আদিত শিল্পীগৰাকীৰ বিভিন্ন ভাস্কৰ্য শিল্পৰ চানেকি বৰ্তমানো বিদ্যমান । ঘৰৰ চৌহদত এতিয়াও পৰি ৰৈছে আদিবাসী সম্প্ৰদায়ৰ বির্চা মুণ্ডাৰ এক প্ৰতিমূৰ্তি ৷ এনেধৰণে বহু মহান লোকৰ প্ৰতিমূৰ্তি সাজিবলৈ সক্ষম হৈছিল শিল্পী গৰাকীয়ে ৷
অৱশেষত, 2020 চনৰ পৰাই শাৰিৰীকভাৱে অসুস্থ হৈ পৰে শিল্পীগৰাকী ৷ ফলত বহু আৰ্থিক সংকটত পৰিলগীয়া হৈছিল ভাস্কৰ্য শিল্পীগৰাকী । বিশেষকৈ নিজৰ চিকিৎসাৰ বাবেও চৰকাৰৰ ওচৰত বহুবাৰ আহ্বান জনোৱাৰ পাছতো কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহাৰি নাপালে শিল্পীগৰাকীয়ে । ইফালে অসম চৰকাৰে ২০১৯ চনতে শিল্পী পেঞ্চন দিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে ।
ইয়াৰ উপৰিও শিল্পীগৰাকীৰ বহুমূলীয়া শিল্প সমূহ সংৰক্ষণৰ অভাৱত ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷ ইফালে শিল্পীগৰাকীৰ জৰাজীৰ্ণ বাসগৃহটো শিল্পসমূহ সংৰক্ষণৰ সুবিধা নাই ৷ ফলত নিঃশেষ হোৱাৰ পথত শিল্পীগৰাকীৰ অমৰ সৃষ্ট শিল্পকলাসমূহ ।
শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ শোণিতপুৰ জিলাখনতে গভীৰ শোকৰ ছা পৰিছে ৷ ইফালে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে শিল্পী জনাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে উপায়ুক্তগৰাকীয়ে ।
লগতে পঢ়ক-মূল্য হ্ৰাস: বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক