ETV Bharat / city

SI কেলেংকাৰী গাপ দিবলৈ মিঞা মিউজিয়ামৰ ইছ্যু অনা হৈছে : নুৰুল হুদা

author img

By

Published : Oct 29, 2020, 5:11 PM IST

তেজপুৰত কংগ্ৰেছৰ দলীয় সভাত উপস্থিত হৈ মিঞা মিউজিয়াম প্ৰসংগ সন্দৰ্ভত মন্তব্য কৰে নুৰুল হুদাই ৷ মিঞা মিউজিয়াম শ্বেৰমান আলিৰ একান্তই ব্যক্তিগত মন্তব্য বুলি কয় আলিয়ে ৷

Nurul Hooda
তেজপুৰত কংগ্ৰেছৰ দলীয় সভাত নুৰুল হুদা

তেজপুৰ, 29 অক্টোবৰ : অসমৰ সকলো জনগোষ্ঠীৰ মাজত বিভাজন আনিছে বিজেপিয়ে ৷ এই মন্তব্য কৰে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই ৷ বৃহস্পতিবাৰে তেজপুৰত কংগ্ৰেছৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে নুৰুল হুদাই ৷ তেওঁ কয় যে, মিঞা মিউজিয়াম শব্দটো বিধায়িনী দলৰ সভাত আৰু শ্বেৰমান আলি আহমেদৰ পত্ৰত উল্লেখ নাছিল । শ্বেৰমান আলিৰ মন্তব্য একান্তই ব্যক্তিগত আৰু কংগ্ৰেছৰ দলীয় মন্তব্য নহয় বুলি কয় নুৰুল হুদাই ৷

হুদাই কয় যে, বৰ্তমান বিজেপিৰ হাতত কোনো নতুন ইছ্যু নাই সেইবাবেই এই বিষয়টোত গুৰুত্ব দিয়া হৈছে । আৰক্ষীৰ উপ পৰিদৰ্শকৰ কেলেংকাৰীৰ তদন্তৰ পৰা ফালৰি কাটি এই ধৰণৰ বিভ্ৰান্তিমূলক প্ৰচাৰ জনসাধাৰণৰ মাজত বিয়পাইছে বিজেপিয়ে । আৰক্ষী কেলেংকাৰীত আৰু ৰৌ-বৰালি জালত পৰাৰ ভয়ত এই ধৰণৰ ইচ্ছুৰে সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰে হুদাই ৷

তেওঁ লগতে কয় যে, সম্প্ৰতি বজাৰত আকাশলংঘী মূল্যবৃদ্ধিৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ চৰকাৰে এই সকলোবোৰ বিষয়ৰ পৰা ৰাইজক ফালৰি কাটি এই মিঞা মিউজিয়ামত ব্যস্ত হৈ পৰিছে বুলি হুদাই কয় ৷

লগতে পঢ়ক : শিৱসাগৰ নগৰৰ মাজমজিয়াত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.