ETV Bharat / city

কোনে কি অভিপ্ৰায়েৰে বেলশিৰি নৈৰ পাৰত পুতিছিল অস্ত্ৰ-শস্ত্ৰ ? - বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

শোণিতপুৰৰ মিছামাৰীত আৰক্ষীৰ বৃহৎ অভিযান ৷ মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ ৷ কোনো উগ্ৰপন্থী সংগঠনে উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীখিনি ট্ৰাংকত ভৰাই মাটিত পুতি থোৱা সন্দেহ কৰিছে আৰক্ষীয়ে (Arms ammunition rescued in Sonitpur) ৷

Arms ammunition rescued in Sonitpur
Arms ammunition rescued in Sonitpur
author img

By

Published : Sep 7, 2022, 3:48 PM IST

Updated : Sep 7, 2022, 5:18 PM IST

ৰঙাপৰা, 7 ছেপ্টেম্বৰ: ভাৰতীয় সেনা বাহিনীৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বুধবাৰে অসম আৰক্ষীয়ে শোণিতপুৰ জিলাৰ মিছামাৰীত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী (Arms ammunition rescued in Sonitpur) । মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ অসম আৰক্ষী আৰু সেনাৰ চোৰাংচোৱা বাহিনীৰ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই অসম-অৰুণাচল সীমান্তৱৰ্তী তথা বেলশিৰি নদীৰ পাৰৰ জংঘলত এটা টিনৰ বাকচৰ ভিতৰত ভৰাই পুতি থোৱাৰ পৰা উদ্ধাৰ কৰে সামগ্ৰীখিনি (Sonitpur arms rescue news)৷

ইয়াৰ ভিতৰত আছে, ১ টা হাতে সজা পিষ্টল, ৬ টা পিষ্টল, হাতে সজা বন্ধুক ৩ টা, হাতে সজা বেৰেল ২ টা, ২ টা হেণ্ড গ্ৰেনেড, ৩৬ জাঁই AK-৪৭ৰ গুলি, মেগজিন ১ টা, পিষ্টলৰ মেজজিন ৭ টা, পাকিস্তানত নিৰ্মিত এম এম জিৰ ৩২ ৰাউণ্ড গুলী, পেন পিষ্টল ২ টা, এচ এল আৰৰ ৫৪ টা সজীৱ গুলী, পইন্ট ২২ পিষ্টলৰ সজীৱ গুলী ১৫ টা, খালী কাৰ্টিজ ১২ টা, বিস্ফোৰক সামগ্ৰী ২৩ কেজি উদ্ধাৰ (arms and ammunition rescued by police) ৷

অস্ত্ৰ-শস্ত্ৰসহ বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

এই অভিযানক নেতৃত্ব দিছিল শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসে ৷ কোনো উগ্ৰপন্থী সংগঠনে উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীখিনি ট্ৰাংকত ভৰাই মাটিত পুতি থোৱা সন্দেহ কৰিছে আৰক্ষীয়ে ৷ এই সন্দৰ্ভত তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, এসময়ত শোণিতপুৰৰ কেতবোৰ স্থানত বড়ো উগ্ৰপন্থীৰ আহ-যাহ আছিল যদিও (NDFB activities in Sonitpur), 2020 চনত এন ডি এফ বি আলোচনাৰ মেজলৈ ঘূৰি অহাত বড়ো উগ্ৰপন্থী সমস্যাৰ প্ৰায় ওৰ পৰা দেখা যায় (Boro insurgency problem) ৷ অৱশ্যে বৰ্তমানেও আলোচনাৰ মেজলৈ নহা আলফা স্বাধীনে স্বাধীনতা দিৱসৰ পূৰ্বে অৰুণাচল আৰু নাগালেণ্ডৰ সীমান্ত অঞ্চলত এম্বুশ্ব কৰিছিল সেনাৰ কেম্পত ৷ তাৰোপৰি শেহতীয়াকৈ ৰাজ্যত জেহাদীৰ কাৰ্যকলাপ পোহৰলৈ অহাত আৰক্ষী অধিক তৎপৰ হৈ পৰিছে (Jihadist activities in Assam) ৷

মন কৰিব লগীয়া যে, 2020 চনত এন ডি এফ বি মূল সূঁতিলৈ ঘূৰি অহাৰ পাচত বিটিআৰৰ বনাঞ্চলৰ পৰা বহুবাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বেও বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছিল বড়োভূমিৰ বনাঞ্চলত ৷ তেতিয়া সেই সমূহ অস্ত্ৰ কোনো উগ্ৰপন্থী সংগঠনে লুকুৱাই ৰখা বুলি সন্দেহ কৰিছিল আৰক্ষীয়ে ৷

এতি মিছামাৰীত উদ্ধাৰ হোৱা অস্ত্ৰখিনি প্ৰকৃতে কোনে এনেদৰে লুকুৱাই ৰাখিছিল সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই ৷ কোনো উগ্ৰপন্থী সংগঠন নাইবা দুস্কৃতিকাৰীয়ে কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনাৰে এই অস্ত্ৰসমূহ লুকুৱাই ৰাখিছিল নেকি ? নে আন কাৰোবাৰ হাত আছে এই কাৰ্যত ! সেয়া আৰক্ষীৰ তদন্তৰ অন্ততহে নিশ্চিতভাৱে ক’ব পৰা যাব ৷

লগতে পঢ়ক: কোকৰাঝাৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰমোদ বড়োৰ

Last Updated : Sep 7, 2022, 5:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.