ETV Bharat / city

কাজিৰঙাত মুকলি হ'ল হাতী ছাফাৰী - হাতী ছাফাৰীৰ পূৰ্বে সম্পন্ন পূজা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেওবাৰৰ পৰা আৰম্ভ হৈছে হাতী ছাফাৰী সেৱা ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইটিভি ভাৰতক জনাইছে এই কথা ৷

কাজিৰঙাত মুকলি হ'ল হাতী ছাফাৰী
কাজিৰঙাত মুকলি হ'ল হাতী ছাফাৰী
author img

By

Published : Nov 1, 2020, 12:57 PM IST

তেজপুৰ, 1 নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰাই আৰম্ভ হৈছে হাতী ছাফাৰী সেৱা ৷ কোভিড-19 মহামাৰীৰ সময়ত সকলোধৰণৰ স্বাস্থ্যগত বিধি মানি এই সেৱা আৰম্ভ কৰা হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ইটিভি ভাৰতক জনাইছে এই কথা ৷

কাজিৰঙাত মুকলি হ'ল হাতী ছাফাৰী
হাতী ছাফাৰীৰ পূৰ্বে সম্পন্ন পূজা

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, দেওবাৰৰ দিনটোত 37 গৰাকী যাত্ৰীক হাতী ছাফাৰীৰে উদ্যানৰ ভিতৰত প্ৰৱেশৰ বাবে অনুমতি দিয়া হয় ৷ ইতিমধ্যে উদ্যান কৰ্তৃপক্ষ হাতী ছাফাৰীৰ বাবে আগতীয়াকৈ পঞ্জীয়ন আৰম্ভ কৰিছিল আৰু ইয়াৰ 100 শতাংশ আসন পূৰ্ণ হৈছে ৷

কাজিৰঙাত মুকলি হ'ল হাতী ছাফাৰী
হাতী ছাফাৰীৰ পূৰ্বে হাতীসমূহক খাদ্য প্ৰদান

দেওবাৰে ৰাতিপুৱা হাতী ছাফাৰীৰ বাবে হাতী সমূহক সাজু কৰি লৈ পূজা অৰ্চনা কৰা হয় ৷ বিগত 21 অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্য্যটকৰ বাবে মুকলি কৰা হৈছিল ৷

কাজিৰঙাত মুকলি হ'ল হাতী ছাফাৰী
কাজিৰঙাত মুকলি হ'ল হাতী ছাফাৰী

উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উদ্যানখনলৈ পৰ্য্যটকৰ আগমণ কমি আহিছিল আৰু মাৰ্চলৈ উদ্যানখন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল ৷ বৰ্তমানলৈ উদ্যানখনলৈ প্ৰায় 1,75,000 গৰাকী পৰ্য্যটকৰ আগমণ ঘটে যদিও বিগত বৰ্ষৰ তুলনাত এই সংখ্যা অতিকে কম ৷

লগতে পঢ়ক : পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ন ৰূপত কাজিৰঙা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.