ETV Bharat / city

স্থানীয় ৰাইজৰ আক্ৰমণ বলি গণেশ লিম্বু

author img

By

Published : Mar 28, 2021, 2:59 PM IST

নিৰ্বাচনৰ দিনটোত বৰছলা সমষ্টিত অপ্ৰীতিকৰ ঘটনা ৷ স্থানীয় ৰাইজৰ আক্ৰমণৰ বলি বৰছলাৰ বিধায়ক গণেশ লিম্বু ৷

বৰছলাৰ বিধায়কক স্থানীয় ৰাইজৰ আক্ৰমণ
বৰছলাৰ বিধায়কক স্থানীয় ৰাইজৰ আক্ৰমণ

তেজপুৰ,28 মাৰ্চ: বৰছলা সমষ্টিৰ অন্তৰ্গত পূৱ বৰগাওঁ পঞ্চায়তৰ বৰআটি গাঁৱৰ একাংশ ৰাইজে আৱদ্ধ কৰি ৰাখে বিধায়ক গণেশ লিম্বুক ৷ বিগত পাঁচ বছৰে শাসনত থাকি বিধায়ক গণেশ লিম্বুৱে গাওঁখনৰ উন্নয়নৰ বাবে একো নকৰাৰ অভিযোগ ৰাইজৰ ৷ ভোটগ্ৰহণৰ দিনটোত বিধায়কগৰাকী গাওঁখনত সন্ধিয়া সময়ত প্ৰৱেশ কৰাত উত্তেজিত হৈ পৰে গাঁওখনৰ ৰাইজ ৷ উত্তেজিত লোক সকলে প্ৰথমে বিধায়ক গৰাকীক গাওঁখনৰ মূল পথটো নিৰ্মাণ কৰিম বুলি কথা দি নিৰ্মাণ নকৰিলে কিয় বুলি প্ৰশ্ন কৰে ৷

বৰছলাৰ বিধায়কক স্থানীয় ৰাইজৰ আক্ৰমণ

গাড়ীত উঠি অহা বিধায়ক গৰাকীক গাড়ীৰ পৰা নামি পথেৰে খোজকাঢ়ি যোৱাক লৈ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে ঘটনাস্থলীত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষৰ লগতে ঠেলামৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বিধায়ক গৰাকীক সেইস্থানৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ৷ যদিও উত্তেজিত ৰাইজে বিধায়ক গৰাকীৰ বাহনত আক্ৰমণ কৰে ৷ ইফালে সেইস্থানত সমবেত হোৱা উত্তেজিত ৰাইজক আৰক্ষীয়ে ছত্ৰভংগ দিবলৈ যাওঁতে এগৰাকী লোক আৰু যুৱতীও আহত হয় ৷

লগতে পঢ়কঃ ৰাজনৈতিক হিংসাৰ বলি ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.