ETV Bharat / city

Cleft Palate and Lip: তেজপুৰত ৪০ গৰাকী শিশুৰ অস্ত্ৰোপচাৰ সম্পন্ন

author img

By

Published : Nov 20, 2021, 6:16 PM IST

বাংগালুৰু, অন্ধ্ৰপ্ৰদেশ আৰু ভেলোৰৰ পৰা অহা চিকিৎসকৰ দলে এই বিনামূলীয়া ক্লেফ্ট লিপ আৰু পেলেট (Cleft lip and cleft palate) স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰে ৷

Free Surgery done For Children Having Cleft Palate and Lip in Tezpur
তেজপুৰত ৪০ গৰাকী শিশুৰ অস্ত্ৰোপচাৰ সম্পন্ন

তেজপুৰ, ২০ নৱেম্বৰ : তেজপুৰৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান হাস্পতালে (Baptist Christian Hospital) ১৪ নৱেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে Without Reason নামৰ সংস্থাটোৰ সহযোগিতাত বিনামূলীয়া ক্লেফ্ট লিপ আৰু পেলেট (Cleft lip and cleft palate)ৰ ওপৰত এক স্বাস্থ্য শিবিৰ আয়োজন কৰে ৷ এই স্বাস্থ্য শিৱিৰত ৬০ গৰাকী শিশুৰ স্কেনিং কৰা হয় ৷

Without Reasonৰ মুৰব্বী সন্তোষ আৰু তেওঁৰ পত্নীয়ে একমাত্ৰ সন্তানক ২৫ বাৰ অস্ত্ৰোপচাৰ কৰিও জীৱন ৰক্ষা কৰিব নোৱাৰি এই ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহে । অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই স্বাস্থ্য শিবিৰত দেশৰ আগশাৰীৰ চিকিৎসকসকলৰ দ্বাৰা অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰথম পৰ্যায়ত ৪০ গৰাকী শিশুৰ বিনামূলীয়া ক্লেফ্ট লিপ আৰু পেলেটৰ অস্ত্ৰোপচাৰ কৰা হয় । শিবিৰত অসমৰ লগতে অৰুণাচলৰ শিশুৰো অস্ত্ৰোপচাৰ কৰা হয় ৷

চিকিৎসালয়খনৰ সঞ্চালক প্ৰধান জগদীশ চন্দ্ৰ চোলাংকীয়ে বাংগালুৰু, অন্ধ্ৰপ্ৰদেশ আৰু ভেলোৰৰ পৰা অহা চিকিৎসকৰ দলটোৱে ১৪ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ৬০ গৰাকী শিশুৰ স্কেনিং আৰু ৪০ গৰাকীৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত স্ব-ৰাজ্যলৈ ৰাওনা হয় ৷ তেওঁ লগতে বৰ্তমান অসম চৰকাৰে এই সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।

এই শিবিৰত বিশেষকৈ অসমৰ শিশুৰ ক্ষেত্ৰত অধিক প্ৰাধান্য দিয়া হৈছিল আৰু কাৰ্বি আংলঙৰ কেইবাগৰাকী শিশুৰ চিকিৎসা কৰা হয় । তদুপৰি যিসকল শিশু উপযুক্ত চিকিৎসাৰ অভাৱত মুখৰ ফটা ওঁঠ আৰু ফটা তালুৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে, এই ক্ৰেনিওফাঁচিল (Craniofacial) অস্ত্ৰোপচাৰৰ পৰা তেওঁলোক পুনৰ সুস্থ হৈ পৰিব বুলি জানিবলৈ দিয়ে চিকিৎসালয়খনৰ সঞ্চালক প্ৰধান জগদীশ চন্দ্ৰ চোলাংকীয়ে ।

লগতে পঢ়ক : ভিতৰুৱা অঞ্চলত স্বাস্থ্য সেৱা প্ৰদান এছএছবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.