ETV Bharat / city

ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

author img

By

Published : Sep 15, 2020, 4:59 PM IST

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 18 ছেপ্তেম্বৰত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উদ্বোধন কৰিব অৰুণাচল প্ৰদেশৰ পূব চিয়াঙৰ দিতে ডিমেৰ নৱ নিৰ্মিত ভাৰত-চীন সীমান্তৰ ওলমা দলং ।

18 ছেপ্তেম্বৰ
ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

তেজপুৰ, 15 ছেপ্তেম্বৰ : দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ পূব চিয়াঙৰ "দিতে ডিমে"ৰ নৱ নিৰ্মিত ভাৰত-চীন সীমান্তৰ ওলমা দলং। উজনি চিয়াঙৰ ঋগা ৰাজহ চক্ৰৰ অধীনত এই দলংখন নিৰ্মান কৰি উলিয়াইছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজ্যেশ্বনে ৷ পূৱ চিয়াং জিলাৰ সদৰ পাছিঘাটৰ পৰা 118 কিল'মিটাৰ দূৰত্বত আৰু উজনি চিয়াঙৰ ঋগা ৰাজহ চক্ৰৰ পৰা 20 কিল'মিটাৰ দূৰত্বত অৱস্থিত দলংখন ।

উক্ত দলঙৰ কাম বৰ্ডাৰ ৰোডছে 2015 চনত আৰম্ভ কৰিছিল আৰু 2020 চনৰ মে' মাহত সম্পূৰ্ণ কৰি উলিয়াইছিল ৷ কিন্তু স্থানীয় লোকৰ যাতায়তৰ সুবিধাৰ বাবে জুলাইতে সংযোগী পথ সংলগ্ন কৰি তাৎক্ষণিকভাৱে উপলদ্ধ কৰা হৈছিল ৷ 18 ছেপ্তেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে দলংখন মুকলি কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । 162 মিটাৰ দৈঘ্যৰ এই দলংখনৰ কাম কৰ'ণা মহামাৰীৰ লক ডাউনৰ মাজতে চলাই আছিল বৰ্ডাৰ ৰোডছে । দলংখন দুয়ো ফালৰ পৰা তৈয়াৰ কৰি মাজত সংলগ্ন কৰা হৈছে তলত এটাও খুঁটা নোহোৱাকৈ সংযোগ কৰা বাবে ইয়াক cantileaver বুলি কোৱা হয় । অৰুণাচল প্ৰদেশৰ সীমান্তলৈ বিভিন্ন ঠাইৰ লগতে এই পথেদি হাজাৰ হাজাৰ ভাৰতীয় সেনাৰ লোকে পৰিবহণ কৰে ৷

দিতে ডিমে অঞ্চলত আছে 55 ঘৰত আবাসী ৷ অঞ্চলটোৰ মুঠ জনসংখ্যা 172 গৰাকী ৷ ভাৰত-চীন সীমান্তৰ 82 জন পুৰুষৰ বিপৰীতে আছে 90 গৰাকী মহিলা ৷ ইয়াৰোপৰি, 6 বছৰৰ তলৰ 22 টি শিশু আছে ৷ ইয়াৰ কাষৰীয়া চহৰ বলেং আছে 22 কিল'মিটাৰ দূৰত্বত । এই দলংখন চীনৰ পৰা বৈ অহা চিয়াং নদীৰ ওপৰত নিৰ্মান কৰা হৈছে আৰু নামনি অংশত ব্ৰহ্মপুত্ৰত সংলগ্ন হৈছে ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত অৰুণাচল প্ৰদেশৰ সীমান্তৰ বহুতো গুৰুত্বপূৰ্ণ পথ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজ্যেশ্বনে নিৰ্মান কৰি আছে । আকৰ্ষণীয় আৰু মনোমোহা এই দলংখন মুকলি হোৱাৰ পিছত স্থানীয় লোক আৰু সেনা বাহিনীৰ যাতায়ত সুগম হৈ পৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : গোলাঘাট আৰক্ষীৰ জালত ম'ষ্ট ৱাণ্টেড গাড়ী চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.