ETV Bharat / city

বেদখলৰ ৰম্যভূমিলৈ পৰিণত হৈছে শোণিতপুৰৰ বৰচলা সমষ্টি

author img

By

Published : Oct 1, 2021, 7:50 PM IST

বেদখলকাৰীৰ কবলত শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ শিঙৰী ৷ অতি পৰিতাপৰ কথা যে, শিঙৰীৰ গুপ্তেশ্বৰ দেৱালয়ৰ কাষতো চলিছে বেদখল ৷ শোণিতপুৰ জিলাত মুঠ চৰ এলেকা 241.68 বৰ্গ কিলোমিটাৰ তাৰে বেদখল হৈছে 20,358 বিঘা ভূমি ৷

বেদখলৰ ৰম্যভূমি শোণিতপুৰৰ
বেদখলৰ ৰম্যভূমি শোণিতপুৰৰ

তেজপুৰ,1 অক্টোবৰ : গৰুখুটি কাণ্ডৰ পাছতে পোহৰলৈ আহিছে ৰাজ্যৰ আন কেইবাখনো জিলাৰ চৰকাৰী ভূমিত চলি থকা অবৈধ বেদখলৰ তথ্য ৷ সেই জিলা সমূহৰ ভিতৰত অন্যতম জিলা হৈছে শোণিতপুৰ জিলা ৷ মনকৰিবলগীয়া যে, নগাঁও, ৰূপহী, ধিং আৰু মৈৰাবাৰী অঞ্চলৰ বহু সংখ্যালঘু লোকে বেদখল কৰিছে শোণিতপুৰৰ বৰচলাত ।

বেদখলৰ ৰম্যভূমিলৈ পৰিণত হৈছে শোণিতপুৰৰ বৰচলা সমষ্টি

একপ্ৰকাৰৰ বেদখলকাৰীৰ ৰম্যভূমিলৈ পৰিণত হৈছে শোণিতপুৰৰ বৰচলা সমষ্টি ৷ বৰচলাত হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি বেদখল কৰি শিঙৰীৰ গুপ্তেশ্বৰ দেৱালয়কে ধৰি হৰগৌৰী দেৱালয়লৈ চৰম ভাবুকি কঢ়িয়াই আনিছে একাংশ সন্দেহযুক্ত নাগৰিকে ৷ গৰুখুটি কাণ্ডৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰচলা সমষ্টিৰ বেদখল সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷

বৰচলাৰ শিঙৰী গুপ্তেশ্বৰ দেৱালয় নিকটৱৰ্তী অঞ্চলত একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমি বেদখল কৰাৰ কথা প্ৰকাশ কৰিছে শিঙৰীৰ স্থানীয় লোকসকলে ৷ বেদখকাৰীৰ বিৰুদ্ধে শীঘ্ৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে সমষ্টিটোত খিলঞ্জীয়াৰ প্ৰভূত্ব নাথাকিব বুলি মন্তব্য কৰিছে শিঙৰীৰ স্থানীয় লোকে ৷

ইপেনে স্বয়ং বেদখলকাৰীয়ে নিজ মুখেই জানিবলৈ দিয়ে তেওঁলোক নগাঁও, ধিং, ৰূপহী আৰু মৰিগাঁৱৰ লোক ৷ শোণিতপুৰৰ তেওঁলোকৰ স্থায়ী বাসিন্দা নহয় ৷ বৰচলাৰ নৈৰ কাষৰীয়া মাটিত তেওঁলোক বসবাস কৰি কৃষি কাৰ্যৰে জীৱিকা নিৰ্বাহ কৰি আহিছে তেওঁলোকে ৷

এনেদৰেই বৰচলাত হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটি নগাঁও, ধিং, ৰূপহিৰ পৰা আহি চৰকাৰী ভূমি বেদখল কৰিছে ৷ ইপিনে বৰচলাৰ চিতলমাৰি হস্তমান ঘাট, বছাশিমলু অঞ্চলতো হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি বেদখল কৰিছে বেদখলকাৰীয়ে ৷

বৰচলা সমষ্টিটোত অন্য জিলাৰ পৰা অহা সংখ্যালঘু লোকে চৰকাৰী ভূমি বেদখল কৰি থলুৱা লোকলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে ৷ এই ধাৰা অব্যাহত থাকিলে বৰচলা সমষ্টি সংখ্যালঘুৰ সমষ্টিলৈ যে পৰিণত নহ’ব তাক নুই কৰিব নোৱাৰি বুলি একাংশ সচেতন লোকে আশংকা কৰিছে ৷ লক্ষ্যণীয় কথা যে এই সকলৰ লোকৰ প্ৰায় সংখ্যকৰেই ভোটাধিকাৰ নাই ৷ এতিয়া ৰাজ্য চৰাকৰে বৰচলাত ছলি থকা অবৈধ বেদখলৰ বিৰুদ্ধে কি ভূমিকা গ্ৰহণ কৰে সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়কঃ গোলাঘাটত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.