ETV Bharat / city

জুক’ ভেলীৰ বনজুইত মৃত্যু নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ

নাগালেণ্ডৰ সুন্দৰ শান্ত সেউজীয়া পৰিৱেশৰ মাজত থকা জুক’ ভেলীৰ বিধ্বংসী বনজুইয়ে 5 দিনত ভৰি দিছে ৷ ভাৰতীয় বায়ুসেনাই ক্ৰমাগতভাৱে অভিযান অব্য়াহত ৰাখিছে যদিও বনজুইয়ে এফালৰ পৰা পুৰি নিঃশেষ হৈছে শতাধিক পৰিমানৰ নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ ৷

author img

By

Published : Jan 4, 2021, 3:30 PM IST

জুক’ ভেলীৰ বনজুইত মৃত্যু নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ
জুক’ ভেলীৰ বনজুইত মৃত্যু নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ

তেজপুৰ, ৪ জানুৱাৰী : এতিয়াও নিৰ্বাপন হোৱা নাই নাগালেণ্ডৰ জুক' ভেলীৰ বন জুই ৷ বিগত ৫ দিন ধৰি এই জুইয়ে নিঃশেষ কৰিছে সেউজীয়াৰে পূৰ্ণ সমগ্ৰ উপত্যকাটো । জুই নিৰ্বাপনৰ বাবে এনডিআৰএফৰ 7টা দল আৰু স্থলসেনা, অসম ৰাইফলছ আৰু স্থানীয় আৰক্ষীৰ লগতে বায়ুসেনাৰ দল নিয়োগ কৰা হৈছে ৷ সোমবাৰে পুনৰ বায়ুসেনাই হেলিকপ্টাৰ যোগে অগ্নি নিৰ্বাপনৰ বাবে প্ৰচেষ্টা চলায় ৷

জুক’ ভেলীৰ বনজুই
জুক’ ভেলীৰ বনজুই

ইতিমধ্যে ৰবিবাৰৰ দিনটোত স্থলসেনা আৰু বায়ুসেনাৰ শীৰ্ষ বিষয়াই নাগালেণ্ড চৰকাৰৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই আলোচনাত এনডিআৰএফৰ সৈতে স্থলসেনা, বায়ুসেনা আৰু অসম ৰাইফলছে কিদৰে অগ্নি নিৰ্বাপনৰ বাবে আগবাঢ়িব সেই বিষয়ে বাৰ্তালাপ কৰে বুলি জনায় প্ৰতিৰক্ষা মুখপাত্ৰ ইষ্টাৰ্ণ কামাণ্ডৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ।

জুক’ ভেলীৰ বনজুই
জুক’ ভেলীৰ বনজুই

ইতিমধ্যে অগ্নিনিৰ্বাপনৰ বাবে বায়ুসেনাই Mi 17 V5 হেলিকপ্টাৰ ব্যৱহাৰ কৰি আছে । ডিমাপুৰ ৰঙাগড়া সেনাবাহিনীৰ শিবিৰৰ পৰা ৩০ কিলোমিটাৰ নিলগত Mi 17 V5 হেলিকপ্টাৰ জৰিয়তে বাম্মি বাকেটৰ সহায়ত অগ্নি নিৰ্বাপনৰ চেষ্টা চলাইছে বায়ুসেনাই । আনহাতে এনডিআৰএফৰ এক বৃহৎ দল যোৱা তিনিদিন ধৰি উক্ত অঞ্চলত বাহৰ পাতি আছে । বাম্বি বাকেটত বায়ুসেনাই এবাৰত 3500 লিটাৰ পানী কঢ়িয়াই নিব পাৰে আৰু ইয়াৰ বাবে তিনিখন হেলিকপ্টাৰ প্ৰয়োগ কৰিছে ।

জুক’ ভেলীৰ বনজুই
জুক’ ভেলীৰ বনজুই

জুক বনাঞ্চল মণিপুৰ আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী এক পৰ্যটন অঞ্চল । জানিব পৰা মতে যোৱা 30 ডিচেম্বৰৰ পৰা এই অঞ্চলত বন জুইৰ সৃষ্টি হয় আৰু বৰ্তমানে এক ভয়াবহ ৰূপ ধাৰণ কৰে ৷ 1 জানুৱাৰী নিশা বায়ুসেনাৰ Mi 17 V5 আৰু AC-130J হাৰকুলিছ বিমানৰে 9 টন অগ্নি নিৰ্বাপন সামগ্ৰী আৰু 48 জন এনডিআৰএফৰ কৰ্মীক ডিমাপুৰত এয়াৰ লিফ্ট কৰি জুক' ভেলীত সংঘটিত অগ্নিকাণ্ডৰ নিৰ্বাপনৰ বাবে প্ৰয়োগ কৰা হয় ৷

জুক’ ভেলীৰ বনজুই
জুক’ ভেলীৰ বনজুই

এই মুহূৰ্তলৈকে অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষতিৰ পৰিমান গম পোৱা নাই যদিও শুকান পাত আৰু বতাহৰ বাবেই অগ্নি নিৰ্বাপনত অসুবিধাৰ সন্মুখীন হৈছে অগ্নিনিৰ্বাপক বাহিনী ৷ স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পান এই অগ্নিকাণ্ডৰ ফলত যথেষ্ট সংখ্যক মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : জুক' ভেলীৰ জুই নিৰ্বাপনৰ বাবে ভাৰতীয় সেনা-নাগালেণ্ড চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.