ETV Bharat / city

দিনৰ ভাগত শিথিল ঢেকীয়াজুলিত জাৰি কৰা সান্ধ্য আইন - ঢেকীয়াজুলি আৰক্ষী থানা

ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত জাৰি কৰা সান্ধ্য আইন দিনৰ ভাগত কিছু শিথিলতা ৷

Curfew relax in day time Dhekiajuli
Curfew relax in day time Dhekiajuli
author img

By

Published : Aug 11, 2020, 5:10 AM IST

তেজপুৰ,10 আগষ্ট : ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজনৰ দিনটোতেই ঢেকীয়াজুলিত সংঘটিত হৈছিল হিংসাত্মক ঘটনা ৷ ফলত পিচত শোণিতপুৰ জিলা প্ৰশাসনে ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত জাৰি কৰিবলগীয়া হৈছিল সান্ধ্য আইন ৷ অৱশ্যে বৰ্তমানে এই সান্ধ্য আইন কিছু পৰিমাণে শিথিল কৰা বুলি জানিবলৈ পৰা গৈছে ৷ দিনৰ ভাগত পুৱা 6 বজাৰ পৰা আবেলি 6 বজালৈ শিথিল কৰাৰ এক নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে ৷

অৱশ্যে এতিয়াও নিশাৰ ভাগত সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ পূৰ্বৰ দৰেই বাহাল থাকিব সান্ধ্য আইন ৷ এই সময়ছোৱাত জিলাৰ কাৰ্যবাহী দণ্ডাধীশৰ লগতে আৰক্ষী আৰু সামৰিক বাহিনীৰ লোকৰ বাহিৰে আন লোকৰ চলাচল সম্পূৰ্ণ বন্ধ থাকিব ।

Curfew relax in day time Dhekiajuli
নিৰ্দেশ কপি

তদুপৰি ইতিমধ্যে সমগ্ৰ জিলাতে ক’ভিড-19 সংক্ৰান্তত শনি আৰু দেওবাৰে বাহাল থকা লকডাউন উক্ত ঢেকীয়াজুলি থানা এলেকাতো অব্যাহত থাকিব । আনহাতে পূৰ্বৰ নিৰ্দেশ অনুসৰি ঠেলামৰা আৰক্ষী থানা এলেকাত জাৰি কৰা সান্ধ্য আইন পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সমগ্ৰ এলেকাত পূৰ্বৰ দৰে বাহাল ৰখা হ’ব । এই নিৰ্দেশ তৎকালিন ভাবে বলৱৎ কৰা হৈছে আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব ৷

লগতে চাওক-তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.