ETV Bharat / city

তেজপুৰত ঘৰে ঘৰে হ’ব ক’ভিড-19ৰ পৰীক্ষা - শোণিতপুৰ জিলা

4 আগষ্ট মংগলবাৰৰ পৰা 6 আগষ্ট বৃহস্পতিবাৰলৈ তেজপুৰ চহৰৰ ৱাৰ্ড নং 9, 13, 14 আৰু 15 ত ঘৰে ঘৰে গৈ ৰেপিড এন্টিজেন টেষ্ট কৰাৰ বাবে বিশেষ স্বাস্থ্য কৰ্মীৰ দল নিয়োগ কৰিছে ।

তেজপুৰত ঘৰে ঘৰে হ’ব ক’ভিড-19ৰ পৰীক্ষা
তেজপুৰত ঘৰে ঘৰে হ’ব ক’ভিড-19ৰ পৰীক্ষা
author img

By

Published : Aug 4, 2020, 12:31 AM IST

তেজপুৰ, 4 আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতো দেখা পোৱা গৈছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷ তেজপুৰ নগৰকে ধৰি শোণিতপুৰ জিলাখনত বৰ্ধিত ক’ভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জটিল পৰিস্থিতি ৰোধ কৰাৰ স্বাৰ্থত প্ৰাথমিক পৰ্যায়তে ক’ভিড ৰোগী চিনাক্ত কৰি প্ৰয়োজনীয় চিকিৎসা প্ৰদানৰ উদ্দেশ্যে চহৰখনৰ বিভিন্ন এলেকাত ৰেপিড এন্টিজেন্ট টেষ্ট কেন্দ্ৰ মুকলি কৰিছে ।

ইয়াৰ উপৰিও, 4 আগষ্ট মংগলবাৰৰ পৰা 6 আগষ্ট বৃহস্পতিবাৰলৈ তেজপুৰ চহৰৰ ৱাৰ্ড নং 9, 13, 14 আৰু 15 ত ঘৰে ঘৰে গৈ ৰেপিড এন্টিজেন টেষ্ট কৰাৰ বাবে বিশেষ স্বাস্থ্য কৰ্মীৰ দল নিয়োগ কৰিছে । মঙলবাৰে পুৱা 9.30 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ প্ৰতি ৰাইজৰ সঁহাৰি কামনা কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ।

লগতে চাওক-শোণিতপুৰত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 1565 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.