ETV Bharat / city

খিলঞ্জীয়াৰ হাতত অৰ্পণ হ’ব অসমৰ ঐতিহাসিক ক্ষেত্ৰসমূহৰ সুৰক্ষাৰ দায়িত্ব

খিলঞ্জীয়াৰ হাতত অৰ্পণ হ’ব অসমৰ ঐতিহাসিক ক্ষেত্ৰ । মহাভাৰতৰ যুগৰ পৰা আহোম যুগলৈ সকলো কীৰ্তি চিহ্ন সুৰক্ষাৰ দায়িত্বত থাকিব খিলঞ্জীয়াৰ হাতত : মন্তব্য অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ।

assams-historic-area-to-be-handed-over-to-indigenous-people
খিলঞ্জীয়াৰ হাতত অৰ্পণ হ’ব অসমৰ ঐতিহাসিক ক্ষেত্ৰসমূহৰ সুৰক্ষাৰ দায়িত্ব
author img

By

Published : Sep 1, 2021, 3:29 PM IST

তেজপুৰ, ৩১ আগষ্ট : অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে বুধবাৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তেজপুৰ চহৰৰ সংলগ্ন পুৰাতত্ব বিভাগৰ অধীনৰ ঐতিহাসিক ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে । অসমৰ ঐতিহাসিক স্থান সমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সভ্যতা-সংস্কৃতি সংৰক্ষণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এটা নতুন বিভাগ গঠন কৰিছে । Indegenious faith and Culture নামৰ এই বিভাগটোৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঐতিহাসিক স্থানসমূহৰ সংৰক্ষণৰ লগতে প্ৰত্নতাত্বিক সমলসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

খিলঞ্জীয়াৰ হাতত অৰ্পণ হব অসমৰ ঐতিহাসিক ক্ষেত্ৰ
খিলঞ্জীয়াৰ হাতত অৰ্পণ হ’ব অসমৰ ঐতিহাসিক ক্ষেত্ৰসমূহৰ সুৰক্ষাৰ দায়িত্ব

এই উদ্দেশ্যে বুধবাৰে তেজপুৰৰ অগ্নিগড়, দ-পৰ্বতীয়া শিলান্যাস অৰ্থাৎ দ্বিতীয় টোৰণ গঢ়দৌল, বামুনি পাহাৰ আদি ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । উল্লেখ্য যে, সেই সময়ৰ মৈয্য বংশৰ ৰজাই প্ৰতিষ্ঠা কৰা দ-পৰ্বতীয়াৰ এই তোৰণৰ দুৱাৰৰ দুয়ো দিশে খোদিত আছে গঙ্গা যমুনাৰ প্ৰতিচ্ছবি আৰু অলেখ ভাস্কৰ্য । তাৰোপৰি মাজত আছে ৰুদ্ৰ লিংগ ।

ৰুদ্ৰ লিংগৰ গভীৰতাৰ পৰা ওলোৱা জলধাৰা পৰিছেগৈ মহাবাহু ব্ৰহ্মপুত্ৰত । লগতে এই শল্যাদ্বাৰৰ গুপ্ত মহলত আছে এটা বৃহৎ গোহা ৷ এই সমল সমূহৰ সংৰক্ষণৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে Indigineious Faith and Culture নামৰ এটা বিভাগ মুকলি কৰি বিভাগটোৰ বাবে চলিত বিত্তীয় বৰ্ষৰ বাবে 100 কোটি টকা ধাৰ্য কৰিছে । বহু শতিকা পুৰণি তেজপুৰৰ ঐতিহ্য আৰু প্ৰত্নতাত্বিক সমলসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত লবলগীয়া ব্যৱস্থাৱলী সম্পৰ্কে শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰত্নতাত্বিক বিষয়া, স্থানীয় সচেতন ব্যক্তিৰ সৈতে অধ্যক্ষ গৰাকী এক আলোচনাতো মিলিত হয় ।

লগতে পঢ়ক:সকলো মুকলি হ'ল : নতুন SOP ঘোষণা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.