ETV Bharat / city

শ্বহীদ চুবেদাৰ গান্ধী ৰাম ৰাজবংশীৰ পৰিয়ালৰ ওচৰত ঠিয় দিলে স্থলসেনাই

author img

By

Published : Sep 20, 2020, 12:13 PM IST

2008 চনৰ 18 ডিচেম্বৰত দেশৰ উত্তৰ সীমান্তত দায়িত্ব পালন কৰি থকা অৱস্থাত শ্বহীদ হৈছিল দৰং জিলাৰ মঙলদৈৰ বাসিন্দা তথা স্থলসেনাৰ আছাম ৰেজিমেন্টৰ চুবেদাৰ গান্ধী ৰাম ৰাজবংশী ৷ শ্বহীদ চুবেদাৰ ৰাজবংশীৰ পৰিয়ালক স্থলসেনাৰ কেন্দ্ৰীয় নিৰায়ম পূঁজিৰ অধীনত আগবঢ়াইছে 5লাখ টকাৰ এককালীন সাহাৰ্য্য ৷

শ্বহীদ চুবেদাৰ গান্ধী ৰাম ৰাজবংশীৰ পৰিয়ালৰ ওচৰত ঠিয় দিলে স্থলসেনাই
শ্বহীদ চুবেদাৰ গান্ধী ৰাম ৰাজবংশীৰ পৰিয়ালৰ ওচৰত ঠিয় দিলে স্থলসেনাই

তেজপুৰ, 20 ছেপ্টেম্বৰ : মানৱীয় কৰ্মসূচীৰ অধীনত ভাৰতীয় স্থলসেনাই স্থলসেনাৰ কেন্দ্ৰীয় নিৰায়ম পূঁজিৰ অধীনত অসমৰ এগৰাকী শ্বহীদ জোৱানৰ পৰিয়াললৈ আগবঢ়াইছে 5লাখ টকাৰ এককালীন সাহাৰ্য্য ৷ দেশৰ উত্তৰ সীমান্তত কৰ্মৰত অৱস্থাত 20 বছৰ পূৰ্বে শ্বহীদ হৈছিল আছাম ৰেজিমেন্টত কৰ্মৰত দৰং জিলাৰ মঙলদৈৰ বাসিন্দা চুবেদাৰ গান্ধী ৰাম ৰাজবংশী ৷ 2008 চনৰ 18 ডিচেম্বৰত দায়িত্ব পালন কৰি থকাৰ সময়তে দেশৰ বাবে শ্বহীদ হৈছিল চুবেদাৰ ৰাজবংশী ৷ মৃত্যুৰ সময়ত চুবেদাৰ ৰাজবংশীয়ে পত্নী পবিত্ৰী ৰাজবংশীকে ধৰি এগৰাকী 15 বছৰীয়া জীয়াৰী আৰু এটি এবছৰীয়া শিশু সন্তানক এৰি থৈ গৈছিল ৷

লগতে পঢ়ক : ৰঙাপৰাত সামাজিক সচেতনতাৰ বাৰ্তাৰে বিশেষ কলা যাত্ৰা

এনে অৱস্থাত বীৰ নাৰী পবিত্ৰী ৰাজবংশীয়ে তেওঁৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অধিক দুৰৱস্থাৰ সন্মুখীন হয় যদিও তেওঁলোকক সু-শিক্ষাৰে শিক্ষিত কৰি তোলে ৷ 2011 চনত তেওঁৰ জীয়াৰী গীতাঞ্জলীৰ বিবাহ সম্পন্ন হয় ৷ কিন্তু 2018ত আন এক ভয়ংকৰ অঘটনৰ সন্মুখীন হয় পবিত্ৰী ৰাজবংশী ৷ 2018ৰ জুন মাহত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয় পুত্ৰ গগণ ৰাজবংশী ৷ মুখত বেয়াকৈ আঘাতপ্ৰাপ্ত গগণৰ কেবাটাও অস্ত্ৰোপচাৰ সম্পন্ন হয় ৷ পুত্ৰৰ চিকিৎসাত প্ৰায় 12 লাখ টকা ব্যয় হয় বীৰ নাৰী পবিত্ৰী ৰাজবংশীৰ ৷ এনে অৱস্থাত পৰিয়ালটোৱে প্ৰাক্তন সৈনিকৰ বাবে থকা চিকিৎসা আচঁনিৰ অধীনত সহায় বিচাৰে যদিও তেওঁলোকৰ নাম এই আচঁনিত পঞ্জীয়ন নোহোৱাৰ বাবে বিত্তীয় সহায় লাভৰ পৰা পৰিয়ালটো বঞ্চিত হয় ৷

লগতে পঢ়ক : পূব কামেং জিলাৰ ভিতৰুৱা গাঁৱত টেলিফোন সেৱা স্থাপন সেনাৰ

তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লেফ. কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডে এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ এনে অৱস্থাত স্থানীয় সেনা চাউনী সমূহৰ সহযোগত স্থলসেনাৰ কেন্দ্ৰীয় নিৰায়ম পূঁজিৰ অধীনত 5 লাখ টকাৰ এককালীন সাহাৰ্য্য যোগাৰ কৰি পৰিয়ালটোক প্ৰদান কৰে ৷ দেশমাতৃক সেৱা কৰা প্ৰতিগৰাকী সৈনিকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবে স্থলসেনাই সদায় কাম কৰি আহিছে আৰু কৰি যাব আৰু ইয়ে স্থলসেনাৰ মাজত থকা ভাতৃত্ববোধৰ এক উল্লেখনীয় উদাহৰণ বুলি লেফ. কৰ্ণেল পাণ্ডে উল্লেখ কৰে ৷

লগতে পঢ়ক : সৃষ্টিৰ উদ্যোগত নলবাৰীত বৃক্ষৰোপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.