ETV Bharat / city

অৰুণাচল প্ৰদেশৰ চীনা সীমান্তত প্ৰথমবাৰৰ বাবে স্থাপন এয়াৰ স্পেছ ৰাডাৰ - ব্ৰেগদিয়াৰ জে পি ডালভি

অৰুণাচল প্ৰদেশৰ চীনা সীমান্তত প্ৰথমবাৰৰ বাবে স্থাপন এয়াৰ স্পেছ ৰাডাৰ । প্ৰচণ্ড বৰফৰ মাজত সেনাৰ দুৰ্দান্ত আখৰা টাৱাঙৰ সমীপত ৷ সীমান্তত চীন সৈন্যৰ গতি-বিধি লক্ষ্য কৰিয়েই লোৱা হৈছে এই পদক্ষেপ ৷

Air space ruder
অৰুণাচল প্ৰদেশৰ চীনা সীমান্ত
author img

By

Published : Oct 21, 2021, 10:08 PM IST

Updated : Oct 21, 2021, 10:28 PM IST

তেজপুৰ,২১ অক্টোবৰ : ইতিহাসৰ কেতিয়াবা পুনৰাবৃত্তি হয় বুলি এটা প্ৰবাদ আছে । কিন্তু এই ২০২০ চনৰ এপ্ৰিল মাহত ভাৰত-চীনৰ সেনাৰ মুখামুখি ঘটনাৰ পিছত ২০২১ ত অৰুণাচল প্ৰদেশৰ ভিতৰত চীনা সৈন্যৰ তিনিবাৰ প্ৰৱেশৰ চেষ্টাই যেন পুনৰ সোঁৱৰাই দিছে ইতিহাসক । বৰ্তমান অৰুণাচল প্ৰদেশৰ চীন সীমান্তত ভাৰতীয় সেনাৰ এয়াৰ স্পেছ ৰাডাৰ স্থাপন আৰু বফ’ৰ্চ গানৰ ব্যৱহাৰৰ অনুশীলন চলিছে । প্ৰচণ্ড বৰফৰ মাজত সেনাৰ দুৰ্দান্ত আখৰা টাৱাঙৰ সমীপত ৷ এই তথ্য প্ৰকাশ ইষ্টাৰ্ণ কামণ্ডৰ সেনা প্ৰধান মনোজ পাণ্ডেৰ ।

Air space ruder
প্ৰচণ্ড বৰফৰ মাজত সেনাৰ দুৰ্দান্ত আখৰা

সুদীৰ্ঘ ৫৯ বছৰ আগতে চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশ কৰি যি বৰ্বৰ আচৰণ কৰিছিল সেয়া পুনৰ কোৱাৰ প্ৰয়োজন নাই । ১৯৬২ চনৰ আজিৰ দিনটোত চীনা সৈন্যই নামকা - চুয়েদি পুৱা প্ৰায় ৫ বজাত ব্ৰীজ ৩ দখলৰ বাবে গোলাবর্ষণৰে অতিক্ৰম কৰি তেতিয়াৰ নেফা আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল বন্দুক, শক্তিশালী মৰ্টৰ গানৰে সুসজ্জিত ১৫০ জন চীনা সেনা ।

Air space ruder
অৰুণাচল প্ৰদেশৰ চীনা সীমান্তত প্ৰথমবাৰৰ বাবে স্থাপন এয়াৰ স্পেছ ৰাডাৰ

চীনা সৈন্যই ৭৫ এম এম অট’মেটিক আৰু ১২০ মৰ্টাৰৰ ব্যৱহাৰ কৰিছিল সেই সময়ত । এই তথ্য তেতিয়াৰ দায়িত্বত থকা ব্ৰিগেদিয়াৰ জে পি ডালভিয়ে তেওঁৰ হিমালয়ান ব্লাণ্ডাৰ ( The Himalayan Blunder) গ্ৰন্থত উল্লেখ কৰিছিল । ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা পশ্চিম দিশত ভাৰত-তিব্বত-ভূটান সীমান্তলৈ বিস্তাৰিত হৈ আছে ৷ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা 42 কিলোমিটাৰ দূৰত্বত অৱস্থিত লুমলা অঞ্চলৰ পথেদি ১৯৬২ চনত চীনা সৈন্যই ভাৰতত প্ৰবেশ কৰিছিল ৷ দুৰ্গম পথ অতিক্ৰম কৰি, তেতিয়াৰ বৃহৎ লোহাৰ সাঁকো তৈয়াৰেৰে লুমলাৰ পৰা টাৱাঙত প্ৰৱেশ কৰে ৰঙা চীনৰ সৈন্যই ৷

Air space ruder
অৰুণাচল প্ৰদেশৰ চীনা সীমান্ত
১৯৬২ চনৰ ৮ ছেপ্টেম্বৰত হঠাৎ লুমলা সীমান্তত আক্ৰমণ হয় । এই সীমান্তৰ দায়িত্বত আছিল তেতিয়াৰ ভাৰতীয় সেনাৰ ব্ৰেগদিয়াৰ জে পি ডালভি । সেই সময়ত নেফাৰ দায়িত্বত থকা ভাৰতীয় সেনাৰ বিষয়া গৰাকীয়ে তেওঁৰ গ্ৰন্থত দ্য হিমালয়ান ব্লাণ্ডাৰত উল্লেখ কৰা মতে, 1958 চনৰ পৰাই চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল আৰু পৰৱৰ্তী সময়ত ভাৰত তিব্বতৰ "নাম কা চু" ত থকা আছাম ৰাইফলছ বাহিনীৰ ওপৰত প্ৰায় 600 চীনা সৈন্যই আক্ৰমণ কৰে ৷ তাৰ পাচত ১৯৬২ চনৰ ৮ ছেপ্টেম্বৰত উক্ত স্থানত ব্ৰিগেডিয়াৰৰ মোতায়েন কৰা হৈছিল ৷
Air space ruder
চীনা সীমান্ত

ব্ৰিগেডিয়াৰ ডালভি গাৱাৰ্ড ৰেজিমেণ্টৰ চতুৰ্থ বাহিনীৰ তেজপুৰৰ 4 ক'ৰ্পছৰ বিষয়া আছিল ১৯৬২ চনত ৷ এই যুদ্ধত তেওঁ ৭ মাহ চীনা সৈন্যৰ হাতত বন্দী হৈ আছিল ৷ তেওঁৰ মতে লাডাখৰ ওপৰত চীনৰ চকু তেতিয়াও আছিল আৰু লাডাখত সেনা বাহিনী মোতায়েন কৰি তেতিয়াৰ ফ্ৰণ্টিয়াৰ নেফা বৰ্তমানৰ অৰুণাচলৰ সীমান্তত আক্ৰমণৰ আৰম্ভণি কৰিছিল ৷ সেই যুদ্ধৰ নীতি বুজি নোপোৱাটো ভাৰতীয় সেনাবাহিনীৰ চূড়ান্ত ভুল ধাৰণা বুলি মন্তব্য কৰিছে তেওঁৰ গ্রন্থত (The Himalayan Blunder) ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেই 2018 চনৰ ছেপ্তেম্বৰ মাহত অৰুণাচলৰ দিবাং ভেলীত বাহৰ পাতি আছিল চীনা সৈন্যই ৷ অক্টোবৰ মাহত এই ঘটনা পোহৰলৈ আহিছিল ৷ 2019 চনৰ 22 জুলাইত পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যই ৷ টাৱাং জিলাৰ টাচৌ গাঁৱৰ হলি জলপ্ৰপাতৰ য়াংকিয়ন সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যৰ দলটোৱে ৷ কিন্তু শেহতীয়াকৈ একেটা স্থানতে পুনৰবাৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলায় ৷

এই সমূহে প্ৰকৃততে কিহৰ ইংগিত বহন কৰে ? নে চীনে ৰণ নীতি সলনি কৰিব পূৰ্বৰ দৰে ? এই সকলোবোৰ বিষয় লক্ষ্যণীয় হ’ব ৷

Last Updated : Oct 21, 2021, 10:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.