ETV Bharat / city

দুৰ্ঘটনাত পতিত বাহনৰ পৰা উদ্ধাৰ নগধ ধন

দেওবাৰে তেজপুৰ বেবেজিয়া তিনিয়ালীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত বাহনৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নগধ টকা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত ৷

বেবেজিয়া তিনিয়ালীত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Apr 4, 2021, 7:19 PM IST

তেজপুৰ,4 এপ্ৰিল: দেওবাৰে তেজপুৰ বেবেজিয়া তিনিয়ালীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত বাহনৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নগধ টকা ৷ খাৰুপেটীয়াৰ পৰা অহা এখন শাক-পাচলি কঢ়িয়াই অনা টাটা ডি আই বাহনে অভাৰটেক কৰিবলৈ চেষ্টা কৰোঁতে বিপৰীত দিশৰ পৰা অহা সেনাৰ এখন বাহনত খুন্দা মাৰে ৷ ফলত দুয়োখন বাহনৰ যথেষ্ট পৰিমাণৰ ক্ষতি সাধন হয় ৷ আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় বেবেজীয়া আৰক্ষী ৷

৬ লাখ ৮ হাজাৰ টকা উদ্ধাৰ
৬ লাখ ৮ হাজাৰ টকা উদ্ধাৰ

আৰক্ষীৰ অনুসন্ধানৰ পাছতেই পাচলিৰ কঢ়িওৱা বাহন খনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ধন ৷ বেবেজিয়া আৰক্ষীয়ে জনোৱা মতে, বাহনখনৰ পৰা ৬ লাখ ৮ হাজাৰ টকা জব্দ কৰা হয় ৷

উলেখ্য যে,গুৰুতৰভাৱে আহত হোৱা শাক-পাচলি কঢ়িওৱা টাটা ডি আই বাহনৰ চালকক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ উদ্ধাৰ হোৱা ধনখিনিৰ উৎসৰ অনুসন্ধান চলাই থকা হৈছে বুলি বেবেজিয়া আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.