ETV Bharat / city

থলুৱা ফলমূলৰ চৰ্বত প্ৰস্তুত কৰি স্বাৱলম্বী হাঁহচৰাৰ মহিলা - থলুৱা ফলমূল পৰা ৰস সংৰক্ষণ

শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাঁৱৰ ৰীতা চেতিয়া নামৰ মহিলা গৰাকীয়ে নিজৰ ঘৰখনকে এটি ক্ষুদ্ৰ উদ্যোগলৈ ৰূপান্তৰ কৰিছে ৷ আত্মনিৰ্ভৰ অসমৰ ধাৰণাৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে শিৱসাগৰ জিলাৰ হাঁহচৰাৰ গ্ৰামাঞ্চলৰ এইগৰাকী মহিলাই ৷

থলুৱা ফলমূলৰ চৰ্বত প্ৰস্তুত কৰি স্বাৱলম্বী হাঁহচৰাৰ মহিলা
হাঁহচৰা চেতিয়া গাঁৱৰ ৰীতা চেতিয়া
author img

By

Published : Aug 28, 2020, 10:30 AM IST

নাজিৰা, 28 আগষ্ট : আত্মনিৰ্ভৰ অসমৰ ধাৰণাৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে শিৱসাগৰ জিলাৰ হাঁহচৰাৰ গ্ৰামাঞ্চলৰ এগৰাকী মহিলাই ।

শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাঁৱৰ ৰীতা চেতিয়া নামৰ মহিলা গৰাকীয়ে নিজৰ ঘৰখনকে এটি ক্ষুদ্ৰ উদ্যোগলৈ ৰূপান্তৰ কৰিছে ৷ ঘৰৰ বাৰীৰ ফল-মূলৰ পৰা প্ৰস্তুত কৰিছে সুস্বাদু চৰ্বত আৰু শীতল পানীয় ৷

লগতে পঢ়ক : ইটিভি নেটৱৰ্কৰ গৌৰৱোজ্বল 25 বছৰঃদৰ্শক আৰু কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন অধ্যক্ষ ৰামোজী ৰাওৰ

গ্ৰামাঞ্চলত সততে পোৱা থলুৱা ফলমূল পৰা ৰস সংৰক্ষণ কৰি প্ৰস্তুত কৰা শীতল পানীয় বিক্ৰী কৰি স্বাৱলম্বী হৈছে মহিলাগৰাকী ৷ আম,কৰদৈ,মধুৰী,মাটিকঁঠালৰ পৰা মহিলাগৰাকীয়ে প্ৰস্তুত কৰা শীতল পানীয় এতিয়া অঞ্চলটোত জনপ্ৰিয় হৈ পৰিছে ৷

হাঁহচৰা চেতিয়া গাঁৱৰ ৰীতা চেতিয়া

থলুৱা ফলমূলৰ পৰা চৰ্বত প্ৰস্তুতেৰে উৰ্পাজনমুখী হোৱাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে ৰীতা চেতিয়াই । নিজ ঘৰতেই থলুৱা চৰ্বত তৈয়াৰ কৰি স্বাৱলম্বী হোৱা ৰীতা চেতিয়া এতিয়া আন দহগৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে ৷ আন মহিলাসকলকো এনেধৰণৰ কৰ্ম কৰিবলৈ আগবাঢ়ি অহাৰ আহ্বান জনাইছে ৰীতা চেতিয়াই ।

লগতে পঢ়ক : লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদত অধিস্থিত হ‘ল সাংসদ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.