ETV Bharat / city

নীলিম কুমাৰ আৰু প্ৰান্তিক আলোচনীৰ সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল - টাই আহোম যুৱ পৰিষদে

"অসুস্থ চিটি বাছ" নামৰ কবিতাটোৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰে টাই আহোম যুৱ পৰিষদে ৷ অতি শীঘ্ৰে কবি জনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী কৰিছে টাই আহোম যুৱ পৰিষদৰ সদস্য সকলে ৷

Tai Ahom Juwa parishad Case File Against Nilim kumar At Sivasagar
নীলিম কুমাৰ আৰু প্ৰান্তিক আলোচনীৰ সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল !
author img

By

Published : Jul 6, 2020, 8:10 PM IST

শিৱসাগৰ, 6 জুলাইঃ কবি নীলিম কুমাৰৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে টাই আহোম যুৱ পৰিষদে । পষেকীয়া আলোচনী প্ৰান্তিকত প্ৰকাশিত এটি কবিতাক কেন্দ্ৰ কৰি গৰজি উঠিছে টাই আহোম যুৱ পৰিষদৰ সদস্য সকল ৷

নীলিম কুমাৰ আৰু প্ৰান্তিক আলোচনীৰ সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল !
উল্লেখ্য যে, পষেকীয়া আলোচনী 'প্ৰান্তিক'ত কবি নীলিম কুমাৰৰ "অসুস্থ চিটি বাছ" নামৰ এটি কবিতা প্ৰকাশ পাইছিল । উক্ত কবিতাটোত আহোম ৰাজত্বৰ গুৰি ধৰোতা চাউলুং চ্যুকাফাক চিটি বাছৰ ড্ৰাইভাৰ আৰু গদাপাণি ওৰফে গদাধৰ সিংহক হেণ্ডিমেন আখ্যা দিয়া বিষয়টোৰ ওপৰত সৰৱ হৈ পৰিছে টাই আহোম যুৱ পৰিষদৰ সদস্য সকল । এই কবিতাটোৰ জৰিয়তে চাউলুং চ্যুকাফাৰ লগতে সমগ্ৰ আহোম জনগোষ্ঠীটোক অপমান কৰা হৈছে বুলি অভিযোগ তুলিছে টাইপাৰ শিৱসাগৰ জিলা সমিতিৰ সদস্য সকলে ৷ ইতিমধ্যে শিৱসাগৰ সদৰ থানাত উক্ত কবিতাটোৰ কবি নিলিম কুমাৰৰ আৰু প্ৰান্তিৰ আলোচনীৰ কাৰ্যবাহী সম্পাদক ইমৰাণ হুছেইনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ৷ এনে গৰ্হিত কামৰ বাবে 72 ঘন্টাৰ ভিতৰত নিলিম কুমাৰক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনক দাবী কৰে ৷ লগতে নিলিম কুমাৰক ৰাজহুৱা ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদৰ সদস্য সকলে । যদিহে নিলিম কুমাৰক গ্ৰেপ্তাৰ নকৰে অনাগত দিনত যিকোনো পৰিস্থিতিৰ সৃষ্টি হলে টাই আহোম যুৱ পৰিষদ জগৰীয়া নহয় বুলি চৰকাৰ প্ৰশাসনক সকিয়াই দিয়ে সংগঠনটোৰ সদস্য সকলে ৷

আনহাতে কিছু দিন পূৰ্বে কলিকতাৰ গৰ্গ চ্যাটার্জী নামৰ বুদ্ধিজীৱি জনে আহোম জনগোষ্ঠীটোক অপমান কৰা ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে ৷ লগতে অসম আৰক্ষীয়ে গৰ্গ চ্যাটার্জীক আটক কৰিব নোৱাৰাটো দুখজনক বুলি ক্ষোভ প্ৰকাশ কৰে টাই আহোম যুৱ পৰিষদৰ সদস্য সকলে ৷ অতি শীঘ্ৰে গৰ্গ চ্যাটার্জীক আটক কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী তোলাৰ লগতে উচিত শাস্তি দিবলৈ দাবী তুলিছে সংগঠনটোৰ সদস্য সকলে ৷

লগতে পঢ়ক- চৰকাৰৰ নতুন ভূমিনীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কৃষক মুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.