ETV Bharat / city

শিৱসাগৰৰ সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাৰ সাহাৰ্য বিতৰণ - haripasanna distribute food item

কৰ’ণাৰ সংকটৰ সময়ত শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত ভদীয়াপাৰৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাৰ সাহাৰ্য বিতৰণ ৷ দৰিদ্ৰ সীমাৰেখা তলৰ অৰ্দ্ধশতাধিক পৰিয়ালৰ মাজত দাইল, মিঠাতেল, আলু, পিয়াজ, মাক্স বিতৰণ ৷

শিৱসাগৰ জিলাৰ সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাৰ সাহাৰ্য বিতৰণ

author img

By

Published : May 24, 2021, 8:02 PM IST

আমগুৰি, ২৪ মে': ৰাজ্যত উদ্বেগজনকভাৱে বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা । অসমত কৰ‘ণাৰ দ্বিতীয় ঢৌ'ত আক্ৰান্ত হৈ মৃত্যু হৈছে বহু সংখ্যক লোকৰ । ভাল খবৰ এয়ে যে ইয়াৰ মাজতে ক’ভিডক জয় কৰি আহিছে বহুজনে । আনহাতে বহু পৰিয়াল আছে যিবিলাক পৰিয়াল হোম কোৱাৰেন্টাইনত আছে । বহু দৰিদ্ৰ পৰিয়াল অৰ্থৰ সংকটত ভুগাৰ লগতে বহু পৰিয়াল উপাৰ্জনহীন হৈছে এই ক’ভিডৰ সময়ত ৷

শিৱসাগৰ জিলাৰ সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাৰ সাহাৰ্য বিতৰণ

ৰাজ্যৰ এনে পৰিৱেশত বহু সহৃদয়বান লোকে দৰিদ্ৰ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হৰিপ্ৰসন্ন হাজৰিকাই চাৰিং দুৱৰাপাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে ।

অঞ্চলটোৰ দৰিদ্ৰ সীমাৰেখা তলৰ অৰ্দ্ধ শতাধিক পৰিয়ালক দাইল, মিঠাতেল, আলু, পিয়াজ, মাস্ক আদি বিতৰণ কৰে । শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত ভদীয়াপাৰৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই আমগুৰি নগৰ, হাফলুটিং, বৰবাম, বাঘজান, হালোৱাটিং আদি অঞ্চলটো নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে ।

লগতে পঢ়ক :এজাক কপিকুলৰ কাষত আৰক্ষী আৰু স্বেচ্ছাসেৱী সংস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.