ETV Bharat / city

যৌন নিৰ্যাতনৰ অভিযোগত ৰঙাঘৰৰ আলহী নামঘৰীয়া

author img

By

Published : May 29, 2021, 7:49 PM IST

এগৰাকী বিধৱাৰ ওপৰত যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী শিৱসাগৰ জিলাৰ নামতিৰ এজন নামঘৰীয়াৰ ৷ অভিযুক্ত নামঘৰীয়া সুশীল বড়াক আটক কৰি জেললৈ প্ৰেৰম আৰক্ষীৰ ৷

যৌন নিৰ্যাতনৰ অভিযুক্ত হৈ ৰঙাঘৰৰ আলহী নামতিৰ নামঘৰীয়া

আমগুৰি, ২৯ মে': শিৱসাগৰ জিলাৰ নামতিত নামঘৰীয়াৰ নিৰ্লজ্জ কাণ্ড ৷ এগৰাকী বিধৱাক যৌন নিৰ্যাতন চলাই কাৰাগাৰৰ অতিথি হ'ল নামঘৰীয়া । নামঘৰীয়াৰ দৰে এক পবিত্ৰ বৃত্তিত কালিমা সানিছে নামতিৰ ৰজাবাৰীৰ সুশীল বড়াই ।

ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ মতে দীৰ্ঘদিন ধৰি একে গাঁৱৰে সুশীল বড়া নামৰ ৫৮ বছৰীয়া নামঘৰীয়াজনে তেওঁৰ ওপৰত চলাই আহিছিল যৌন নিৰ্যাতন । এই কথা ৰাজহুৱা কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে লম্পট নামঘৰীয়াই ।

আনকি অভিষুক্ত সুশীল বৰাৰ পত্নীৰ বিৰুদ্ধেও ভুক্তভোগী মহিলাগৰাকীক শাৰীৰিক প্ৰহাৰ কৰা অভিযোগ উঠিছে । উপায়ন্তৰ হৈ মহিলাগৰাকী নামতি আৰক্ষীৰ কাষ চাপে ।

আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্ত চলাই 08/2021 undar sec 376/323/307 ipc ধাৰাত গোচৰ ৰুজু কৰি নামঘৰীয়া সুশীল বৰাক আটক কৰি কাৰাগাৰালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । ইফালে মহিলাগৰাকীয়ে নিজকে অন্তঃসত্বা বুলি দাবী উত্থাপন কৰে যদিও এইপৰ্যন্ত পৰীক্ষাৰ ফলাফল আহি পোৱা নাই ।

এই ঘটনাই সমগ্ৰ নামতি ৰজাবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে । নামঘৰীয়াৰ দৰে এক পবিত্ৰ কৰ্মত কালিমা সনা কাৰ্যক সহজভাৱে ল’ব পৰা নাই স্থানীয় লোকে ।

লগতে পঢ়ক : এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.