শিৱসাগৰ, 7 জুলাই : চৰকাৰে শিক্ষা বিভাগত আমূল পৰিবৰ্তন হোৱা বুলি চৰকাৰে বিভিন্ন সভাই-সমিতিয়ে ঢাক-ঢোল বজাই থকাৰ সময়তেই শিৱসাগৰ জিলাৰ এক দৃশ্যই প্ৰতিফলিত কৰিছে সৰ্বশিক্ষা অভিযানৰ প্ৰকৃত স্বৰূপ ৷ চৰকাৰে যোগান ধৰা বহুমূলীয়া কিতাপ সমূহ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰাৰ পৰিৱৰ্তে গৰু-ছাগলীৰহে খাদ্য লৈ পৰিণত হৈছে সৰ্বশিক্ষা অভিযানৰ পাঠ্য-পুথি ৷ যাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
উল্লেখ্য যে, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত আৰম্ভ কৰা হৈছিল ভাৰতৰ সৰ্ব শিক্ষাৰ অধিকাৰ অভিযান । ২০০১ চনত আৰম্ভ হোৱা এই অভিযানত দেশৰ ৬ বছৰৰ পৰা ১৪ বছৰৰ বয়সলৈকে সকলো শিশুৰ শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল । ২০২১-২২ বৰ্ষত ৭৬২২ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছিল যদিও কোনো কোনো প্ৰান্তত বিদ্যালয় গৃহকে হওক বা পাঠ্য পুথি বিতৰণৰ নামত ব্যাপক খেলিমেলি হোৱা বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷
তেনে এটা ঘটনা পুনৰ পোহৰলৈ আহিছে শিৱসাগৰত ৷ শিৱসাগৰ জিলা শিক্ষা বিভাগৰ অন্তৰ্গত খেলুৱা খণ্ডৰ শিৱসাগৰ নগৰৰ দৰবাৰ খেলপথাৰত থকা পকাঘাট বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা ধাইআলি মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ সংলগ্ন বিদ্যালয় ভৱনত সংঘটিত হৈছে আজৱ কাণ্ড । ২০০০ চনত ৰাজ্যসভাৰ সাংসদ বাসন্তী শৰ্মাৰ সাংসদ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা বিদ্যালয় গৃহটো এতিয়া গৰু-ছাগলীৰ জিৰণি চ’ৰালৈ পৰিণত হৈছে । এফালৰ পৰা ভাঙি চিঙি গৈছে বিদ্যালয়ৰ খনৰ দুৱাৰ-খিৰিকী ।
অকল সেয়াই নহয় এই ভৱনটোৰ ভিতৰত থকা পাঠ্য-পুথি সমূহৰ অৱস্থা দেখিলে চকু কপালত উঠিব ৷ দেশৰ সৰ্ববৃহৎ হাজাৰ কোটি টকীয়া সৰ্বশিক্ষা অভিযান আচলতে কি দৰে পৰিচালিত হৈছে ? এয়া এক প্ৰশ্ন হৈ পৰিছে ৷
বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ নামত এৰাবাৰীত পৰিণত হোৱা এই বিদ্যালয় ভৱনটোত পৰি ৰৈছে সৰ্বশিক্ষা অভিযানৰ শিক্ষক প্ৰশিক্ষণৰ বহু মূল্যৱান কিতাপ । সৰ্বশিক্ষা অভিযানৰ দ্বাৰা শিশুৰ শিক্ষা আৰু সামাজিক অধিকাৰ সুনিশ্চিত কৰাৰ লগতে শিক্ষকক দক্ষ কৰি তুলিবলৈ কোটি কোটি টকা খৰচ কৰি শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল । এই বিদ্যালয় ভৱনটোতো সৰ্বশিক্ষা বিভাগে শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল ।
কিন্তু প্ৰশিক্ষণৰ বাবে অহা শিক্ষকৰ হাতপুথি আৰু প্ৰশিক্ষণ কিতাপৰ হৈছে এনে দুৰাৱস্থা । এই অৱস্থাটোক লৈ শিৱসাগৰৰ সৰ্বশিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীক সাংবাদিকে সোধাৰ প্ৰশ্নৰ উত্তৰতো এই বিষয়ে একো নাজানো বুলিহে তুলুঙা মন্তব্য কৰে ।
আনহাতে,শিশুৰ শিক্ষাৰ অধিকাৰ প্ৰদানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত আৰম্ভ কৰা অভিযানৰ পুঁজিৰ অপব্যৱহাৰক লৈ ক্ষোভিত হৈ পৰিছে সদৌ অসম ছাত্র সন্থাৰ সদস্য সকল । শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি সমীৰণ ফুকনে এনে অপচয়ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰেই উক্ত ঘটনাটোৰ বিৰুদ্ধে উচিত পদক্ষেপৰ দাবী কৰিছে সৰ্বশিক্ষা বিভাগক ।
লগতে পঢ়ক-নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান পৰেশ বৰুৱাক