ETV Bharat / city

শিৱসাগৰত ফাৰ্মাচীৰ কৰ্মীসকলক প্ৰতিষেধক প্ৰদান

author img

By

Published : Jun 14, 2021, 6:32 AM IST

ৰাজ্য চৰকাৰে 18 বছৰৰ উৰ্ধৰ ব্যক্তিক প্ৰদান কৰিছে কৰ’ণাৰ প্ৰতিষেধক ৷ শিৱসাগৰ ড্ৰাগছ ডিলাৰ সন্থাই জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি দেওবাৰে নগৰৰ মিলন মন্দিৰ ক'ভিড কেন্দ্ৰত ফার্মাচীৰ লগত জড়িত প্ৰায় দুশ লোকক কৰ’ণাৰ প্ৰতিষেধক প্ৰদান কৰে ৷

provide vaccine to pharmacist in sibasagar district
শিৱসাগৰত ফাৰ্মাচী কৰ্মীসকলক প্ৰতিষেধক প্ৰদান

শিৱসাগৰ, 14 জুন : কৰ’ণাৰ দ্বিতীয় ঢৌৱে ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰা কৰাৰ সময়তে ৰাজ্য চৰকাৰে 18 বছৰৰ উৰ্ধৰ ব্যক্তিক প্ৰদান কৰা হৈছে কৰ’ণাৰ প্ৰতিষেধক ৷ সম্প্ৰতি ৰাজ্যত ক'ভিড ১৯ ৰ লগত যুঁজিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা কৰা বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে জিলাসমূহৰ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ ড্ৰাগছ ডিলাৰ সন্থাই জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি দেওবাৰে নগৰৰ মিলন মন্দিৰ ক'ভিড কেন্দ্ৰত ফার্মাচীৰ লগত জড়িত প্ৰায় দুশ লোকক কৰ’ণাৰ প্ৰতিষেধক প্ৰদান কৰা হয় ।

provide vaccine to pharmacist in sibasagar district
শিৱসাগৰত ফাৰ্মাচীৰ কৰ্মীসকলক প্ৰতিষেধক প্ৰদান

১৮ -৪৫ বছৰ বয়সলৈকে ড্ৰাগছ ডিলাৰ সন্থাৰ প্ৰতিজন লোকক প্ৰদান কৰা হয় ক'ভিড ১৯ ৰ প্ৰতিষেধক । দেওবাৰে প্ৰদান কৰা প্ৰথম পর্যায়ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত জিলাখনৰ গৌৰীসাগৰ, ডিমৌ, আমগুৰিক সন্নিৱিষ্ট কৰা হৈছে । ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ প্ৰতিষেধকৰ বাবে জিলা প্ৰশাসনৰ লগত আলোচনা কৰি নিৰ্ধাৰিত সময়ত প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে ।

উল্লেখ্য যে, কৰ’ণাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত 200 গৰাকীকৈ ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হ’ব জানিবলৈ দিয়ে শিৱসাগৰ ড্ৰাগছ ডিলাৰ সন্থাৰ কৰ্মকৰ্তাই ৷

লগতে পঢ়ক: আৰোগ্য নিধি ৰূপায়ণ সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.