আমগুৰি 28 অক্টোবৰ : এটা আপত্তিজনক শব্দৰ বাবে আমগুৰিত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গুৱাহাটীৰ চন্দ্ৰ প্ৰকাশ নামৰ প্ৰকাশন গোষ্ঠীটোৰ টেট গাইড জ্বলালে কৈৱৰ্ত ছাত্ৰ সন্থাই ৷ টেট গাইডখনৰ এক প্ৰশ্নৰ উত্তৰত স্ত্ৰী লিংগ বুজাবলৈ গৈ জাতিগত আৰু আপত্তিজনক তথা অসাংবিধানিক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি জ্বলাই দিয়া হয় গাইডখন ৷ আমগুৰিৰ বাউলীপুখুৰী চাৰিআলিত ৰাজহুৱাকৈ গাইডখন দাহ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
'চন্দ্ৰ প্ৰকাশ হায়,হায়','জাতিগত আপত্তিজনক শব্দ কিতাপৰ পৰা প্ৰত্যাহাৰ কৰক' আদি প্লে' কাৰ্ড হাতে হাতে লৈ স্থানীয় ৰাইজে প্ৰতিবাদ কৰাৰ লগতে কিতাপখন দাহ কৰে। আনহাতে,জাতিগত আপত্তিজনক শব্দৰে কিতাপ ৰচনা কৰাৰ বাবে কৈৱৰ্ত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰবি কাশ্যপে আদালতত এটা গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে ৷
আৰু পঢ়ক : দীপাৱলী উপলক্ষে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা