ETV Bharat / city

কেব বিৰোধী প্ৰতিবাদত কপিল শিৱসাগৰ

জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ জোৰ সমদল ৷ কেইবাটাও জাতীয় দল-সংগঠনৰ অংশগ্ৰহণ ৷ ৰাইজৰ হুংকাৰ কোনো কাৰণত মানি লোৱা নহব 855 জন বীৰ ছহীদৰ কেঁচা তেজৰ লগত বিজেপিৰ লেতেৰা ৰাজনীতি ৷

কেব বিৰোধী প্ৰতিবাদত কপিল শিৱসাগৰ
কেব বিৰোধী প্ৰতিবাদত কপিল শিৱসাগৰ
author img

By

Published : Nov 29, 2019, 5:28 AM IST

শিৱসাগৰ, 28 নৱেম্বৰ: বৃহস্পতিবাৰে কেব বিৰোধী প্ৰতিবাদত আকাশ-বতাহ কপিল শিৱসাগৰৰ চহৰৰ ৷ জাতিধংসী বিধেয়ক খনৰ বিৰুদ্ধে স্বতস্ফূৰ্ত ভাৱে ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷ যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত বি.জে.পি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ খনে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ ভাষা সংস্কৃতি নিশেষ কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জোৰ লৈ প্ৰতিবাদ কৰিলে বিভিন্ন জাতীয় দল সংগঠনৰ লগতে চহৰখনৰ সৰ্বসাধাৰণ ৰাইজে ৷ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বৰ্ডিং খেল পথাৰৰ পৰা বাহিৰ কৰা এই বৃহৎ প্ৰতিবাদী জোৰ সমদলত অংশ গ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ,বি.জে.পি চৰকাৰ মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অতিশীঘ্ৰে বাতিল কৰক আদি শ্লগানেৰে শিৱসাগৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ জোৰ সমদল

প্ৰতিবাদকাৰী যৌথ সংগ্ৰামী মঞ্চৰ নেতৃবৃন্দই সাংবাদিকৰ আগত কয় যে স্বজাতি বিৰোধী সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহব, কোনো কাৰণতে অসম চুক্তি ভৰিৰে মোহাৰি ৮৫৫ জন বীৰ শ্বহীদৰ কেঁচা তেজক কৰা অপমান কেতিয়াও সহ্য কৰিব পৰা নাযায় ৷ এই বৃহৎ প্ৰতিবাদী জোৰ সমদলত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আহোম জাতীয় গণ মঞ্চ, তাই আহোম যুৱ পৰিষদ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আক্ৰাছু, আহোম সেনা, ঐক্য সেনা, মৰিয়া যুৱ-ছাত্ৰ পৰিষদকে আদি বিভিন্ন জাতীয় দল-সংগঠনে অংশগ্ৰহণ কৰে ৷

আৰু পঢ়ক: কেবৰ বিৰুদ্ধে জুবিন গাৰ্গ

Intro:Body:*নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰ নগৰত যৌথ মঞ্চৰ প্ৰতিবাদী জোৰ সমদল*
Story-PROTEST_SIVASAGAR
Ananta Smith
Sivasagar
28th November

পৰিৱৰ্তনৰ ভুৱা প্ৰতিশ্ৰুতিৰে অসম তথা ভাৰতবৰ্ষৰ ক্ষমতা দখল কৰা বি.জে.পি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ খনে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ ভাষা সংস্কৃতি নিশেষ কৰাৰ ষড়যন্ত্ৰৰে লোকসভা আৰু ৰাজ্যসভাৰ শীতকালীন অধিবেশনত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰি অসমীয়া জাতিৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা কায্যাৰ প্ৰতিবাদত আজি শিৱসাগৰ জিলাৰ ২০ তাতকৈ অধিক জাতীয় তথা জনগোষ্ঠীয় সংগঠনেৰে গঠিত যৌথ সংগ্ৰামী মঞ্চ, শিৱসাগৰৰ উদ্যোগত শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বৰ্ডিং খেল পথাৰৰ পৰা এক বৃহৎ "প্ৰতিবাদী জোঁৰ সমদল" কাৰ্য্যসূচী বাহিৰ কৰে। সহস্ৰাধিক প্ৰতিবাদী ৰাইজে অংশ গ্ৰহণ কৰা জোঁৰ সমদলত উপস্থিত থকা যৌথ সংগ্ৰামী মঞ্চৰ নেতৃবৃন্দই কয় যে, স্বজাতি বিৰোধী সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহব।অসম চুক্তি ভৰিৰে মোহাৰি ৮৫৫ জন বীৰ শ্বহীদৰ কেঁচা তেজক কৰা অপমান কেতিয়াও সহ্য কৰা নহব। প্ৰয়োজনত অসম আৰু অসমীয়াৰ স্বাৰ্থত হাজাৰ হাজাৰ অসমীয়া তেজাল ডেকাই প্ৰাণ দিবলৈ সাজু হব। ৭১ চনৰ পাছত অহা এগৰাকীও বিদেশীক মানি লোৱা নহব । প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ,বি.জে.পি চৰকাৰ মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অতিশীঘ্ৰে বাতিল কৰক, অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্ত কেতিয়াও মানি লোৱা নহব আদি শ্লোগানেৰে সমগ্ৰ শিৱসাগৰ চহৰৰ পৰিবেশ উত্তাল কৰি তোলে। আজিৰ জোঁৰ সমদল কাৰ্য্যসূচীত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ,অসম, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অাহোম জাতীয় গণ মঞ্চ, তাই আহোম যুৱ পৰিষদ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আক্ৰাছু, আহোম সেনা, ঐক্য সেনা, মৰিয়া যুৱ-ছাত্ৰ পৰিষদকে আদি কৰি বিভিন্ন সংগঠনে প্ৰতিবাদত অংশ গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Bite-প্ৰতিবাদকাৰীConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.