শিৱসাগৰ, 23 মাৰ্চ : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো চাৰিটা দিন বাকী থকা অৱস্থাত গৰম হৈ পৰিছে শিৱসাগৰৰ নিৰ্বাচনী বতাহ ৷ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ বিভিন্ন সংবাদ মেলৰ মাজত আজি আমগুৰি সমষ্টিৰ বিধায়ক তথা আগন্তুক নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে উত্থাপিত হৈছে শোষণ-বঞ্চনাৰ অভিযোগ ৷
শিৱসাগৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰিলে প্ৰদীপ হাজৰিকাৰ জেষ্ঠ ভাতৃ প্ৰয়াত গগণ হাজৰিকাৰ পত্নী আৰু কন্যাই ৷ 1985 চনত বিধায়ক প্ৰদীপ হাজৰিকাৰ জেষ্ঠ ভাতৃ গগণ হাজৰিকাৰ মৃত্যুৰ পাছত কিদৰে প্ৰদীপ হাজৰিকাই বৌয়েক লাৱণ্য হাজৰিকা আৰু তিনি কন্যা সন্তানক মাটি-ভেটি-সম্পত্তিৰ পৰা বিতাড়িত কৰিছিল তাৰ আখ্যান আজিৰ সংবাদ মেলত দাঙি ধৰে ৷
বিধায়ক গৰাকীৰ দুই ভতিজা ক্ৰমে পৰিস্মিতা হাজৰিকা আৰু অবিস্মিতা হাজৰিকাই তেওঁলোকৰ পিতৃৰ বিয়োগৰ পিছত গগণ হাজৰিকাৰ মাটি-গাড়ী-হাতী-ঘৰ আদি সকলো সম্পত্তি কব্জা কৰাৰ অভিযোগ উত্থাপন কৰি এই সমগ্ৰ বিষয়ক লৈ আদালতত গোচৰ চলি থকাৰ তথ্য ৰাজহুৱা কৰে ৷ প্ৰদীপ হাজৰিকাৰ দুই ভতিজাকে তেওঁলোকৰ মাতৃয়ে ন্যায় পাবৰ নিমিত্তে সংবাদ মাধ্যমৰ আগত এই সমূহ তথ্য ৰাজহুৱা কৰা বুলি উল্লেখ কৰি কয় যে, এই যুঁজ বিগত বহু দিনৰ পৰা চলি আছে ৷ প্ৰদীপ হাজৰিকাৰ দৰে শক্তিশালী ব্যক্তিৰ বিৰুদ্ধে থিয় দিবৰ বাবে দৰকাৰ হোৱা সকলো প্ৰস্তুতিৰ অন্তত অসমৰ ৰাইজে জনপ্ৰতিনিধিজনৰ কথা জনা প্ৰয়োজন বুলি কৈ আজিৰ সংবাদ মেল আহ্বান কৰা হৈছে বুলি দুই ভতিজাকে জানিব দিয়ে ৷
নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এনে সংবাদ মেল কিয় অনুষ্ঠিত কৰা হ'ল বুলি সোধা প্ৰশ্নৰ উত্তৰত দুই ভতিজাকে কয় যে, এইয়া কোনো ৰাজনীতি নহয় ৷ কোনোৱে নিজৰ মাতৃক লৈ ৰাজনীতি নকৰে ৷ কিন্তু যিজন ৰাইজৰ প্ৰতিনিধিয়ে নিজৰ বৌয়েকৰ পৰিয়ালক লৈ এনে শোষণ কৰিব পাৰে তেওঁ ৰাইজক কি কৰিব নোৱাৰিব বুলি প্ৰশ্ন কৰে ৷ লগতে তেওঁলোকে কয় যে, আমি আমগুৰি সমষ্টিৰ ৰাইজক আহ্বান জনাওঁ আগন্তুক নিৰ্বাচনত ভোট প্ৰদান কৰোঁতে এবাৰ এই বিধায়কজনৰ কু-কাণ্ড সমূহ মনত পেলাব ৷
লগতে পঢ়ক : বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি