ETV Bharat / city

ভাওনাৰ পট অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট - গুৰুজনা

প্ৰাকৃতিক ৰঙৰ সমাহাৰেৰে ভাওনা সংস্কৃতিৰ চিত্ৰপট অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকর্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় শিৱসাগৰৰ এগৰাকী যুৱতী ৷ মাত্ৰ দহদিনৰ ভিতৰতে ৫৪.১০ ফুট দৈৰ্ঘৰ ফলক অংকন কৰি উলিয়াইছিল যুৱতীগৰাকীয়ে ।

One student 'India Book of Records' By drawing a pretend pot in Sivsagar
ভাওনাৰ পট অংকণ কৰি 'ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ'ত নাম উজলিল এগৰাকী ছাত্ৰীৰ
author img

By

Published : Jul 24, 2021, 10:51 AM IST

শিৱসাগৰ, 24 জুলাই : গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ ভিতৰত অংকীয়া নাট বা ভাওনাও এক অমৰ সৃষ্টি ৷ এই অংকীয়া ভাওনাৰ চিত্ৰপট প্ৰাকৃতিকভাৱে অংকন কৰি India Book of Records ৰ অধিকাৰী হ'ল শিৱসাগৰৰ এগৰাকী যুৱতী । যুৱতীগৰাকীৰ নাম হৈছে নিমিশা কাকতি ৷ 'নৃসিংহ যাত্ৰা' ভাওনাখনৰ ৭৩টা পট অংকন কৰি নিমিশাই লাভ কৰিছে এই সন্মান ।

ইচ্ছা থাকিলে মানুহে কি কৰিব নোৱাৰে ৷ একাগ্ৰতা আৰু ধৈৰ্যৰ বলত মানুহে অসাধ্য সাধন কৰিব পাৰে । শিৱসাগৰৰ এগৰাকী প্ৰতিভাৱান জীয়ৰী নিমিশা কাকতিয়ে নিজ ইচ্ছা আৰু একাগ্ৰতাৰ জৰিয়তে 'ইণ্ডিয়া বুক অৱ ৰেকর্ডছ' ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে । গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে শিৱসাগৰৰ এইগৰাকী প্ৰতিভাৱান জীয়ৰী নিমিশাই "নৃসিংহ যাত্ৰা" ভাওনাখন মানোস্কিপ্ট আর্ট (Manuscript Art) কৰিছিল ৷

অৰ্থাৎ যিটো পুৰণিকালত সাঁচিপাতৰ পুথিত অংকন কৰা হৈছিল ৷ সেই আৰ্হিতেই নিমিশাই মাত্র দহদিনৰ ভিতৰত অংকন কৰি উলিয়াইছিল "নৃসিংহ যাত্ৰা" ভাওনাখনৰ আৰ্হি । উক্ত ভাওনাখনত সর্বমুঠ ৭৩ টা দৃশ্য আছে ।

ভাওনাৰ পট অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট

৩১ টা চৰিত্ৰৰ লগতে ভগৱান বিষ্ণুৰ বৰাহ আৰু নৃসিংহ অৱতাৰো অতি সুন্দৰকৈ অংকন কৰি উলিয়াইছে নিমিশাই । সম্পূৰ্ণ চিত্ৰৰূপখনৰ দৈৰ্ঘ্য ৫৪.১০ ফুট আৰু প্ৰতিখন ফলকৰ দৈৰ্ঘ ৯ ইঞ্চিৰ লগতে প্ৰয়াস ৬ ইঞ্চি । চলিত বর্ষৰ ২১-৩০ মে' লৈ নিমিশাই নিজ গৃহতে উপলব্ধ প্ৰাকৃতিক দ্ৰব্য যেনে হালধীৰ পৰা হালধীয়া ৰং, মাটি চাকি ভাপৰ পৰা ক'লা ৰং, সেন্দুৰৰ পৰা ৰঙা ৰং, বিলাহী পাতৰ পৰা সেউজীয়া ৰং, পাৰ্টী নাইট গছৰ পাতৰ পৰা ব্রাউন ৰং, অপৰাজিতা ফুলৰ পৰা নীলা ৰং, পূৰৈ শাকৰ গুটিৰ পৰা বেঙুনীয়া ৰং আৰু ৰঙা ৰঙৰ লগত হালধীয়া ৰং মিহলাই সুমথিৰা ৰং তৈয়াৰ কৰিছিল বুলি সদৰি কৰে ৷

সম্পূৰ্ণ প্রাকৃতিক ৰঙৰ সমাহাৰৰে প্ৰস্তুত কৰা "নৃসিংহ যাত্ৰা" ভাওনাখনৰ চিত্ৰপটৰ বাবে নিমিশাই লাভ কৰিছে এই সন্মান । স্বভাৱতে শান্ত আৰু ব্যৱহাৰত অমায়িক নিমিশা শিৱসাগৰৰ শুকান পুখুৰীৰ নিৱাসী ধ্রুৱজ্যোতি কাকতি আৰু ৰূপজ্যোতি কাকতিৰ জ্যেষ্ঠ কন্যা । নিমিশা কাকতি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ গাৰ্হস্থ বিজ্ঞানৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী । অসমীয়া কলা-সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি অসমীয়া ভাওনা সংস্কৃতিৰ স্বকীয়তা ধৰি ৰখাৰ লক্ষ্য নিমিশা কাকতিৰ ।

লগতে পঢ়ক- উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজন এবিধ দুঃসাহসিক ক্ৰীড়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.