ETV Bharat / city

শিৱসাগৰত উদযাপন মহা শিৱৰাত্ৰী

আজি মহা শিৱৰাত্ৰী ৷ দেশ অথবা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লতো মহা শিৱৰাত্ৰি উপলক্ষে সোমবাৰৰ পৰা আৰম্ভ হৈছে শিৱৰাত্ৰী মহোৎসৱ (Maha Shivratri celebrations begin at Sivasagar's Siva Dol) । এই মহোৎসৱত উপস্থিত থাকে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈও ৷

maha-shivratri-celebrations-begin-at-sivasagars-siva-dol
শিৱসাগৰত উদযাপন মহা শিৱৰাত্ৰী
author img

By

Published : Feb 28, 2022, 9:19 PM IST

শিৱসাগৰ, তেজপুৰ : ভোলানাথ শিৱৰ উপাসনাৰ উদ্দেশ্যৰে প্ৰতি বছৰে পালন কৰি অহা হয় মহা শিৱৰাত্ৰি । হিন্দু দিনপঞ্জী অনুসৰি প্ৰতি মাহৰ ত্ৰয়োদশ নিশা/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰি তিথি পৰে । কিন্তু বছৰত এবাৰকৈ ফাগুন মাহত আয়োজন কৰা হয় এই মহা শিৱৰাত্ৰি । দেশ অথবা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লতো মহা শিৱৰাত্ৰি উপলক্ষে সোমবাৰৰ পৰা আৰম্ভ হৈছে শিৱৰাত্ৰী মহোৎসৱ । 1734 খ্ৰীষ্টাব্দত বৰৰজা অম্বিকাই নিৰ্মাণ কৰা এই শিৱ দ'লত তেতিয়াৰ পৰা অনুষ্ঠিত হৈ আহিছে শিৱ পূজা । ইতিমধ্যে ঐতিহাসিক শিৱ দ'লত ৰাজহুৱা শিৱ পূজাই শতিকা অতিক্ৰম কৰিছে (Maha Shivratri celebrations begin at Sivasagar's Siva Dol) ।

শিৱসাগৰ নগৰৰ ঐতিহাসিক শিৱ দ'লৰ এক অপৰিসীম গুৰুত্ব আছে । গুৰুত্ব আছে বিশ্বাস আৰু ভক্তিক কেন্দ্ৰ কৰি । শিৱ পূজাৰ মাংগলিক ক্ষণ মঙলবাৰে যদিও নিশা 1.30 বজাৰ পৰা আৰম্ভ হৈ বুধবাৰে নিশা 12.57 বজাত অন্ত পৰিব । সোমবাৰে শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধী দাহালে বন্তি প্ৰজ্বলন কৰি পূজাৰ আনুষ্ঠানিকতা আৰম্ভ কৰে ।

শিৱসাগৰত উদযাপন মহা শিৱৰাত্ৰী

আনহাতে অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তই অংশগ্ৰহণ কৰিবলগীয়া এই উৎসৱক লৈ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে উদ্যোক্তা সমিতিয়ে । 500 ৰো অধিক স্বেচ্ছাসেৱী, চিচি টিভি কেমেৰা, আৰক্ষী বল আদি সাজু কৰিছে জিলা প্ৰশাসনে । উল্লেখ্য যে, সোমবাৰৰ বন্তি প্ৰজ্বলন অনুষ্ঠানত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈও উপস্থিত থাকে (MLA Akhil Gogoi at Sivasagar's Siva Dol) ।

উষা অনিৰুদ্ধৰ প্ৰেমৰ কাহিনীৰ লগতে সাঙোৰ খাই থকা হৰি আৰু হৰৰ যুদ্ধৰ প্ৰাণকেন্দ্ৰ তেজপুৰ চহৰ । ইতিহাসৰ বহু ঘটনা পৰিঘটনাৰ সাক্ষী এই ঐতিহাসিক তেজপুৰ । দ্বাপৰ যুগৰ পৰা শালষ্টসম্ভ যুগৰ কৃতি চিনসহ ইতিহাস প্ৰসিদ্ধ মহা ভৈৰৱ মন্দিৰ । দ্বাপৰ যুগতে বলি ৰজাৰ পুত্ৰ বান ৰজাই নিৰ্মাণ কৰিছিল বৰ্তমান এছিয়াৰ প্ৰসিদ্ধ মহা এই ভৈৰৱ মন্দিৰ ৷ মন্দিৰটোত আছে এছিয়াৰ সৰ্ববৃহ জাগড়িত শিৱ লিংগ ৷ কালিকা পুৰাণত উল্লেখ থকা মতে দ্বাপৰ যুগত শিৱ ভক্ত বান ৰজাই নিজে স্থাপন কৰা এই মন্দিৰত জীয়া ভৰলী নদীৰ নিতৌ নৌকাৰে আহি পূজা অৰ্চনা কৰিছিল ।

উল্লেখযোগ্য যে পূৰ্বে দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মুৰাজী দেশাইৰ দৰে ব্যক্তিয়েও পদৰ্পণ কৰা ভৈৰব মন্দিৰলৈ স্থানীয় ভক্তৰ লগতে আগমন ঘটে বহু দেশী বিদেশী পৰ্যটকৰো । পুৰোহিতৰ মতে মন্দিৰৰ জীয়া শিলৰ শিৱ লিংগটো সময়ৰ লগে লগে বৃদ্ধি পাইছে আকৃতিৰো । হিন্দু সকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ পণ স্মৰণ কৰা হয় । ইয়াত ভক্তসকলে শিৱৰ আঁৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে । কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰে । অৱশ্যে প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ নিশ্চিতভাৱে কোনো ক’ব নোৱাৰে ।

লগতে পঢ়ক : Manipur Election 2022: 67 শতাংশ ভোটদানেৰে সমাপ্ত মণিপুৰৰ প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.