শিৱসাগৰ, 12 নৱেম্বৰ : সম্প্ৰতি ৰাজ্যত ক’ভিড (Covid)ৰ ভয়াৱহতা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও ঠায়ে ঠায়ে অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ ৷ ইতিমধ্যে ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । সমান্তৰালভাৱে আমগুৰিৰ দুখনকৈ বিদ্যালয়ত শিক্ষকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে ৷
আমগুৰিৰ দিকচু উচ্চ মাধ্যমিক বিদ্যালয় আৰু নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত ক'ভিড-19ৰ সংক্ৰমণৰ ঘটনাক লৈ এক হাহাকাৰ মুখৰ পৰিস্থিতিৰ সৃষ্টি হয় । কিয়নো দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ত দুজন শিক্ষকৰ আৰু নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ শৰীৰত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ৷
ফলত বিদ্যালয় দুখনৰ কতৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ পাঠদান দুদিনলৈ বন্ধ কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে, শুকুৰবাৰে বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰীৰ ক’ভিড পৰীক্ষা কৰিব বুলি জানিবলৈ দিছে বিদ্যালয় দুখনৰ কতৃপক্ষই ৷ অৱশ্যে বিদ্যালয় দুখনৰ কতৃপক্ষই পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়াও সদৰি কৰা নাই ৷
লগতে পঢ়ক : কেন্দ্ৰীয় চৰকাৰ বিৰুদ্ধে NSUIৰ 'শিক্ষা বচাও, দেশ বচাও' অভিযান