শিৱসাগৰ, 14 জুলাই: স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা ঐতিহাসিক ৰংঘৰ চৰকাৰী পক্ষৰ উদাহীনতাৰ বাবেই ক্ৰমাৎ ধ্বংসৰ মুখলৈ গতি কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(Historical ranghar towards destruction) । বিশেষকৈ ৰংঘৰৰ দেৱালৰ প্লাষ্টাৰ য’তে-ত’তে এৰোৱাৰ উপৰিও দেৱালত ভেঁকুৰ গজাৰ ঘটনাই এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অন্তৰ্গত শিৱসাগৰ পুৰাতত্ব বিভাগটোৰ সম্প্ৰতি অমনোযোগিতাৰ বাবেই বিশেষকৈ ঐতিহাসিক ৰংঘৰলৈ অহা পৰ্যটক নানা সমস্যাৰ সন্মুখীন হৈছে । যাৰবাবে এছিয়াৰ প্ৰথম পেভেলিয়ন খ্যাত ঐতিহাসিক ৰংঘৰটো বিভাগীয় অভাৱত বিনষ্ট হৈ পৰিছে ।
বৰ্তমান সময়ত এই ৰংঘৰটোৰ ভিতৰৰ ভাগত কেন্দ্ৰীয় প্ৰত্নতত্ব বিভাগে লগোৱা বগা ৰঙবোৰ বখলা বখলে এৰাই পৰাত ঘৰটোৰ ভিতৰৰ সৌন্দর্য সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে(Historical Place Ranghar, Assam) । আনহাতে, ইয়াৰ বাহিৰৰ বেৰত ভাস্কর্যসমূহ ক্ষয় যোৱাৰ বাবে কেইবছৰমানৰ আগতে বিভাগে পুনৰ নিৰ্মাণ কৰাইছিল যদিও নিম্নমানৰ কামৰ বাবেই এনেদৰে এৰাই যোৱা পৰিলক্ষিত হৈছে । ইফালে, ভিতৰৰ পৰা চালৰ তলৰ অংশটোত সেউজীয়া ৰঙৰ ভেঁকুৰ ধৰা পৰিলক্ষিত হৈছে । এই ভেঁকুৰসমূহে চালখনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ খ্ৰীষ্টাব্দত পকী কৰা এই ঐতিহাসিক ৰংঘৰটো সম্প্ৰতি বিভাগীয় অৱহেলা বাবে এলাগী হৈ পৰিছে ।
আনকি ৰংঘৰটোৰ বাকৰিত পূৰ্বে থকা উদ্যানখন দুবছৰৰ আগৰ পৰাই অদৃশ্য হৈ পৰাৰ পিছত নতুনকৈ কোনো উদ্যান পতাৰ ব্যৱস্থা বিভাগে নকৰাত ৰংঘৰৰ সৌন্দৰ্য সম্পূৰ্ণৰূপে ম্লান হৈ পৰিছে । চৰকাৰ আৰু বিভাগীয় কর্তৃপক্ষই অনতিপলমে ৰংঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাস্তৱিক পদক্ষেপ গ্ৰহণ নকৰিলে অতি সোনকালেই এই জাতীয় সম্পদটি ধ্বংস যে হৈ পৰিব, সেয়া ধুৰুপ । আনহাতে দুই বছৰৰ পূৰ্বে নিৰ্মাণ কৰা শৌচালয়টো এতিয়া ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ৷ মুঠৰ ওপৰত কোনো গুৰুত্ব নাই চৰকাৰী পক্ষ তথা বিভাগীয় কৰ্তৃপক্ষৰ ।
লগতে পঢ়ক : Japanese Encephalitis: শিৱসাগৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাৰ্দুভাৱ