ETV Bharat / city

পৰ্যটকৰ বাবে মুকলি হ'ল ঐতিহাসিক ৰংঘৰ-তলাতলঘৰ

author img

By

Published : Jul 6, 2020, 7:06 PM IST

পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ল ৰংঘৰ-তলাতল ঘৰ আদি কীৰ্তিচিহ্ন ৷ অনলাইন যোগে টিকট সংগ্ৰহ কৰিহে দৰ্শণ কৰিবলৈ পাব কীৰ্তিচিহ্ন সমূহ ৷

Historical monuments Of Sivasagar Reopen For Tourism
পৰ্যটকৰ বাবে মুকলি হ'ল ঐতিহাসিত কীৰ্তিচিহ্ন

শিৱসাগৰ, 6 জুলাইঃ পর্যটকৰ বাবে মুকলি হ'ল শিৱসাগৰৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ ৷ এতিয়াৰে পৰা চৰকাৰে ঘোষণা কৰা লক-ডাউনৰ নীতি নিৰ্দেশনা মানি পৰ্যটকে দৰ্শণ কৰিব পাৰিব ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ ৷

দীৰ্ঘ দিনৰ অন্তত কৰ'ণাতংকৰ মাজতে পৰ্যটক সকলৰ বাবে আহিছে এটা ভাল খবৰ । সোমবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ল শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ তলাতল ঘৰকে আদি কৰি ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ । সোমবাৰৰ পৰা এই সমূহ স্থলীলৈ আহিব পাৰিব পৰ্যটক সকল । কিন্তু সমান্তৰালকৈ পৰ্যটন স্থলীসমূহ পৰিদৰ্শণ কৰোতে মানি চলিব লাগিব বিশেষ নীতি-নিয়ম । ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পৰ্যটক সকলৰ বাবে জাৰি কৰিছে কেতবোক নীতি নিৰ্দেশনা ৷ তাৰোপৰি পৰ্যটক সকলে অন লাইন যোগে টিকট সংগ্ৰহ কৰিহে উক্ত স্থান সমূহ পৰিদৰ্শন কৰিব পাৰিব বুলি বিভাগটোৰ কৰ্মচাৰী সকলে উল্লেখ কৰিছে ৷

আনহাতে, পৰ্যটকৰ বাবে এইসমূহ স্থান মুকলি হ'ল যদিও নিৰাশাত ভুগিছে দায়িত্বত থকা কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল । কিয়নো বিভাগটোৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিগত ১১ মাহে পোৱা নাই বেতন । এটা বহিৰাগত কোম্পানীক চোৱা-চিতাৰ দায়িত্ব দিয়াৰে পৰা বিভাগটোৰ অস্থায়ী কৰ্মচাৰীসকলে সময়ত পোৱা নাই দৰমহা । যাৰ ফলত ভাড়াঘৰত থাকি নিজৰ কৰ্তব্য সম্পাদন কৰা একাংশ কৰ্মচাৰীৰ জীৱন অচল হৈ পৰিছে । দৰমহাৰ পৰা বঞ্চিত হোৱাত নিজৰ লগতে পৰিয়াল পোহপাল দিয়াত এতিয়া বহু সমস্যাত পৰিছে কৰ্মচাৰীসকল । অতি শীঘ্ৰে চৰকাৰে উক্ত বিষয়টোৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কর্মচাৰী সকলে ।

লগতে পঢ়ক- লক ডাউন: মহানগৰীত এসপ্তাহৰ পিছত খুলিল গেলামাল দোকান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.