ETV Bharat / city

ধ্বংসৰ গৰাহত শিৱসাগৰৰ বহু ঐতিহাসিক দৌল-দেৱালয় - Even today 600 year old Historical places has stopped becoming a tourist destination

শিৱসাগৰৰ গৌৰীসাগৰ পুখুৰীৰ পাৰতে আছে শিৱ দৌল, বিষ্ণু দৌল আৰু দেৱী দৌল। ৰাজ্যৰ পুৰাতত্ব বিভাগৰ অৱহেলাৰ বাবেই এতিয়া নিঃচিহ্ন হোৱাৰ পথত 600 বছৰীয়া আহোম ৰাজত্বৰ অন্যতম সাক্ষী এইসমূহ ঐতিহাসিক দ'ল-দেৱালয় তথা পুখুৰী ।

even-today-600-year-old-historical-places-has-stopped-becoming-a-tourist-destination
আজিও পৰ্যটনৰ ক্ষেত্ৰ হৈ উঠাৰ পৰা বিৰত ছশ বছৰীয়া দ'ল-দেৱালয়
author img

By

Published : Aug 18, 2021, 7:54 PM IST

আমগুৰি, ১৭ আগষ্ট: আজিও পৰ্যটনৰ ক্ষেত্ৰ হৈ উঠিব নোৱাৰিলে ছশ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম সাক্ষী শিৱসাগৰৰ ঐতিহাসিক বহু দৌল-দেৱালয় তথা পুখুৰী । আহোমৰ ৰাজধানী শিৱসাগৰ, ৰংপুৰ বিভিন্ন ঐতিহাসিক সমলেৰে ভৰপুৰ যদিও এই সমূহ সম্পদৰ উপযুক্ত সংৰক্ষণ তথা সঠিক প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত আজিলৈকে হ’ব নোৱাৰিলে পৰ্যটকৰ কেন্দ্ৰস্থলী । ৰাজ্যৰ পুৰাতত্ব বিভাগৰ অৱহেলাৰ বাবেই এতিয়া নিঃচিহ্ন হোৱাৰ পথত 600 বছৰীয়া আহোম ৰাজত্বৰ অন্যতম সাক্ষী এইসমূহ ঐতিহাসিক দ'ল-দেৱালয় তথা পুখুৰী ।।

শিৱসাগৰ নগৰৰ পৰা পশ্চিমে প্ৰায় 11 কি.মি. দূৰত্বত অৱস্থিত গৌৰীসাগৰত আছে গৌৰীসাগৰ পুখুৰী। গৌৰীসাগৰ পুখুৰীৰ পাৰতে আছে শিৱ দৌল, বিষ্ণু দৌল আৰু দেৱী দৌল। বৰ ৰজা খ্যাত ফুলেশ্বৰী কুঁৱৰীয়ে 1715-31 খ্ৰীষ্টাব্দৰ এই সময়চোৱাত নিৰ্মাণ কৰিছিল এই তিনিটা দৌল । অন্যান্য দৌলতকৈ পৃথক কাৰুকাৰ্য থকা এই তিনিটা দৌল এসময়ত আছিল পৰ্যটকক আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু ।

ধ্বংসৰ গৰাহত শিৱসাগৰৰ বহু ঐতিহাসিক দৌল-দেৱালয়

উল্লেখ্য যে, আহোম ৰাজত্বৰ অন্যতম সাক্ষী এই দৌল তিনিটা আছে পুৰাতত্ব বিভাগৰ অধীনত । ৰংপুৰৰ পৰা গৌৰীসাগৰ পৰ্যন্ত আহোম ৰাজত্বৰ সাক্ষী বহু সমল আছে যদিও এই সম্পদবিলাক সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কাৰণে কাৰ্যক্ষেত্ৰত কোনো ব্যৱস্থা নকৰাত এই ঐতিহাসিক সম্পদসমূহে পোৱা নাই বিশেষ গুৰুত্ব ৷ মন কৰিব লগীয়া যে, বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি খুদিত গৌৰীসাগৰৰ এই তিনিটা দৌল আজিও সগৌৰৱে জিলিকি আছে যদিও সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ক্ষেত্ৰত পুৰাতত্ব বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে এই সমূহ সমল হ’ব পাৰে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

শিলত কটা বিভিন্ন মূৰ্তিসমূহ সেই সময়ৰ ৰজা-মহাৰজা আৰু দৌল নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পীৰ কৰ্মৰ এক সুন্দৰ চানেকি । তাৰোপৰি সেই সময়ত এই দৌলতে চলিছিল পূজা-অৰ্চনা । বৰ্তমান পৰিতাপৰ বিষয় এয়ে যে এই দৌল তিনিটাত খুদিত দেৱ-দেৱীৰ মূৰ্তিসমূহ ক্ৰমে ধ্বংস হ'বলৈ আৰম্ভ কৰিছে । ইতিমধ্যে শিলত কটা মূৰ্তি সমূহৰ বিভিন্ন অংশ এৰি যোৱা দেখিবলৈ পোৱা গৈছে ৷

চটীয়া ইটাৰে চৌদিশ আৱৰি থকা দৌল তিনিটাৰ পৰিসীমাত এতিয়া দেখিবলৈ পোৱা গৈছে হাবি-জংঘল । দেৱালবোৰো ক্ৰমাৎ খহি যাবলৈ আৰম্ভ কৰিছে ৷ সময় থাকোতেই পুৰাতত্ব বিভাগে ইয়াৰ সংৰক্ষণৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে দৌল তিনিটা হৈ পৰিব নিঃচিহ্ন । স্থানীয় লোকে দ'ল তিনিটাৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ বিভিন্নগৰাকীৰ জন্মদিনৰ শুভেচ্ছা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.